গোগামুখত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যা

0

গোগামুখ, ৫ ছেপ্তেম্বৰ: ধেমাজি জিলাৰ গোগামুখ ন-নদী বনিয়া গাঁৱৰ ৰাজেন বনিয়া নামৰ এজন শিক্ষকে শিক্ষক দিৱস দিনাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে ৫০৩ নং আউনীআটী কৈৱৰ্ত নিম্ন বুনিয়াদী বিদ্যালয়ত বীনা বেতনেৰে প্ৰায় ৩০ বছৰ ধৰি শিক্ষকতা কৰি আছিল বুলি পৰিয়াল আৰু স্থানীয় ৰাইজে উল্লেখ কৰে।
অৱশেষত মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাৰ দৰে চৰণ পন্থা বাচি ল’লে বুলি জানিব পৰা গৈছে। ৰাজেন বনিয়াই পত্নী, দুজন লৰা আৰু এগৰাকী ছোৱালী সংসাৰত এৰি থৈ যায়।

Leave A Reply