শিক্ষাগুৰুৰ বাসগৃহলৈ গৈ সম্বৰ্দ্ধনা জ্ঞাপন অসম তৃণমূল কংগ্ৰেছৰ

0

গুৱাহাটী, ৫ ছেপ্তেম্বৰ: শিক্ষক দিৱস উপলক্ষে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীকে ধৰি অসমৰ প্ৰায় প্ৰতিখন জিলাত শিক্ষাগুৰুৰ বাসগৃহলৈ গৈ অসম তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।গুৱাহাটীত সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এটি দলে বিশিষ্ট শিক্ষাবিদ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শংকৰদেৱ গৱেষক ড° দয়ানন্দ পাঠকৰ বাসগৃহৰ পৰা ‘শিক্ষাগুৰু সম্বৰ্দ্ধনা’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাকে ধৰি তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও সতীৰ্থৰ উপস্থিতিত সভাপতি বৰাই আৰ্যবিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিন্দু ডেকা চৌধুৰীৰ ভেটাপাৰাস্থিত বাসগৃহ, ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক খগেন দাসৰ আম্বিকাগিৰী নগৰস্থিত বাসগৃহ, আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন কলিতাৰ আমবাৰীস্থিত বাসগৃহ আৰু নামনি কামাখ্যা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহম্মদ জাহিদুল ইছলামৰ বাসগৃহলৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে।সভাপতি ৰিপুণ বৰাই শিক্ষাগুৰুসকলক সমাজৰ মেৰুদণ্ড বুলি অভিহিত কৰি এইদৰে শিক্ষাগুৰুসকলৰ বাসগৃহলৈ অহাৰ সুযোগ পোৱাটো বিশেষ সৌভাগ্য বুলি মন্তব্য কৰে। তেওঁ লগতে নিজৰো কৰ্মজীৱন এগৰাকী অধ্যাপক হিচাপে আৰম্ভ হোৱাৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে।আনহাতে সভাপতি ৰিপুণ বৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম তৃণমূল কংগ্ৰেছৰ জিলা সভাপতিসকলে নিজ নিজ জিলাৰ শিক্ষাগুৰুসকলৰ বাসগৃহলৈ গৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে বুলি তৃণমুলৰ সূত্ৰই জানিবলৈ দিয়ে। অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাইও শিক্ষক দিৱসৰ দিনা সমাজ গঢ়াত ব্ৰতী শিক্ষাগুৰুৰ কাষত এখন্তেক থিয় দি আনন্দিত হোৱা বুলি মন্তব্য কৰি আজিৰ ‘শিক্ষাগুৰু সম্বৰ্ধনা’ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply