Website Design: dastechnologies
নুমলীগড়ত বন্যহস্তীৰ মৃত্যু
নুমলীগড়ৰ মৰঙি মৌজাৰ এক নং চেচাবিলত হাতীৰ মৃত্যু । বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ দৈগ্ৰোং নদীত উদ্ধাৰ এটা বনৰীয়া হাতীৰ মৃতদেহ। এই হাতীটোৱে কালিৰ বিয়লি নদীত মৃত্যুৰ সৈতে যুজি চটফটাই থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল। ৰাইজে বন বিভাগক খবৰ দিছিল। কালিৰ নিশাৰ ফালে নদীৰ মাজতেই মৃত্যু হোৱাৰ পিছত বন বিভাগে হাতীটোৰ মৃতদেহ নদীৰ পাৰলৈ উঠাই। খাদ্যৰ সন্ধানত এতিয়া জনাঞ্চলত এনেদৰেই কৰুণ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।