বৰষুণত তিতি  ট্রেক্টৰত উঠি  নদী পাৰ হ’ল  মন্ত্ৰী পিয়ুষ হাজৰিকা

0

বিশ্বনাথ চাৰিআলি : অসম আৰু অৰুণাচল সীমা সমস্যাকলৈ দুয়ো খন ৰাজ্যৰ মাজত অব্যাহত আছে আলোচনা চক্ৰ। দুয়ো খন ৰাজ্যৰ প্ৰতিনিধিকলৈ গঠন কৰা আঞ্চলিক সমিতি প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা শুকুৰবাৰে  উপস্থিত হয় অসম অৰুণাচল সীমান্ত বিহালী সমষ্টিৰ দীকালমুখ, বালিচ, দিপীক, পাচো আৰু বিহালী সমষ্টিৰ অন্তিম খন অৰুণাচল সীমান্ত তথা  গাওঁ বগীজুলিত। উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্তত থকা এই ৫ খন গাওঁৰ সীমা  সমস্যাকলৈ দুইখন ৰাজ্যৰ  মাজত বিভিন্ন সময়ত  সঘনাই সংঘাত সৃষ্টি হোৱা দেখা গৈছে।এই সীমা সমস্যাৰ সমাধানৰ বাবে  অলপতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু  আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠকত অনুষ্ঠিত হৈছিল।  এই আলোচনাৰ  জড়িয়তে  অসমৰ সীমা সমস্যা সমাধান  আৰু অৰুণাচল   সীমা বিবাদ নিষ্পত্তি কৰা শীঘ্ৰে তাৰ বাবে সঘনাই ৰাজ্য দুখনৰ প্ৰশাসনিক বিষয়া মন্ত্ৰী বিধায়কৰ উপস্থিতিত  অব্যাহত ৰাখিছে আলোচনা। ২ ছেপ্তেম্বৰত অসম চৰকাৰৰ জন সংযোগ জলসম্পদ  মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হয় অসম অৰুণাচল সীমান্তৰ বগীজুলি গাওঁত। বিহালী সমষ্টি অসমৰ অন্তিম খন গাওঁত  নেৰানেপাৰ বৰষুণৰ মাজতে  বহু দুৰ খোজ কাঢ়ি  বৰষুণত তিতি ট্রেক্টৰত  উঠি নদীৰ পাৰ হৈ   মন্ত্ৰী  পিয়ুষ হাজৰিকা  উপস্থিত হয়  অসম অৰুণাচল সীমান্তত বগীজুলিত। উপস্থিত হৈ  অৰুণাচল চৰকাৰৰ প্ৰতিনিধি তথা অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুং, স্থানীয় বিধায়ক বিয়োৰাম ৱাঘে  আৰু অৰুণাচল প্ৰদেশৰ    জিলা উপায়ুক্ত ,আৰক্ষী অধীক্ষক বন বিষয়া  আৰু লগতে বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে  বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ   উপস্থিতিত  সীমা সমস্যা সমাধানৰ সন্দৰ্ভত  এক  আলোচনাত মিলিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা। ইফালে এই  আলোচনাৰ মাজতে অৰুণাচল চৰকাৰৰ প্ৰতিনিধিয়ে আলোচনাৰ সময়ত প্ৰকাশ কৰা  অনুসৰি  কেন্দ্ৰীয় চৰকাৰে সীমা সমস্যা সমাধানৰ বাবে স্থানীয় ৰাইজৰ লগত আলোচনা কৰিবলৈ দিছে সেই আলোচনা ইয়াত কৰা হ’ব সেই আলোচনা  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰীক অৱগত কৰিব বুলি জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , গৃহ মন্ত্ৰী ৰাজ্যৰ দুই মুখ্যমন্ত্ৰীয়ে  যি আশ্বাস প্ৰদান কৰিছে সীমা সমস্যাৰ বাবে সেই সমস্যা শীঘ্ৰে সমাধান হ’ব বুলি উল্লেখ কৰে।লগতে কয়  বৰ্তমান অসম অৰুণাচল সীমান্তত যি দৰে পূৰ্বেৰে পৰা লোক সকলে বসবাস কৰি আছে সেই দৰেই সকলোৱে মিলাপ্ৰতি ভাৱে বসবাস কৰি থাকিবলৈ আহ্বান  জনাইছে সীমান্তবাসী ৰাইজক।যিহেতু সীমা বিবাদ সমস্যা  সমাধান কৰোঁতে কিছু পলম হ’ব পাৰে  যাৰ বাবে  পূৰ্বৰ দৰে ভাই-ককাই যি দৰে থাকে সেই দৰে দুয়ো খন ৰাজ্যৰ জনসাধাৰণ বসবাস কৰি  থাকিবলৈ আহ্বান জনাই অৰুণাচলৰ স্থানীয়  বিধায়ক আৰু মন্ত্ৰীয়ে।আনহাতে মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হৈ অসম অৰুণাচল  সীমান্তত বসবাস কৰা লোক সলকৰ সৈতে মত -বিনিময় কৰি  শীঘ্ৰে সীমা বিবাদ নিষ্পত্তি হ’ব বুলি আশ্বাস দিয়ে সীমান্ত বাসীক।লগতে মন্ত্ৰী হাজৰিকাই কয় দুয়ো খন ৰাজ্যৰ পুৰাতনীয়া সমন্বয় – সাম্প্ৰতিক সন্মান জনাই অতি ইতিবাচক ভাৱে সীমা সমস্যা দুৰ কৰিব পাৰিম বুলি উল্লেখ কৰে।লগতে দুয়ো খন ৰাজ্যৰ সীমান্ত বাসীক শান্তি সম্প্ৰীতিৰ মাজত বসবাস কৰিবলৈ আহ্বান জনাই মন্ত্ৰী হাজৰিকাই।

Leave A Reply