সিজোৱা কণী এটাৰ বাবেই বৰপেটাৰ হাউলীত প্ৰচণ্ড মাৰপিট

0


বৰপেটাৰ হাউলীত এটা কনীৰ বাবেই প্ৰচণ্ড মাৰপিট ৷ হাউলীৰ কালঝাৰ গাৱৰ ২নং অংগনবাদী কেন্দ্ৰত এটা সিজোৱা কণীক লৈ সৃষ্ট তৰ্কাতৰ্কিয়ে অৱশেষত ললে প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ ৰূপ । বুধবাৰে সংঘটিত হয় এই ঘটনা।
হাউলীৰ কালঝাৰ গাৱৰ ২নং অংগনবাদী কেন্দ্ৰত শিশু সকলৰ মাজত বিতৰণ কৰা হৈছিল সিজোৱা কণী ৷
এনেতে কেন্দ্ৰটোত উপস্থিত হৈ হাফিজুৰ খান আৰু তেওৰ পত্নী চান ভানু খাতুনে কেন্দ্ৰটোৰ কৰ্মীগৰাকীক দাবী কৰিলে – তেওলোককো লাগে এটা সিজোৱা কণী৷ এই অভিযোগ কেন্দ্ৰটোৰ এগৰাকী কৰ্মীৰ।
পিছে কেন্দ্ৰত উপস্থিত নথকা কোনো শিশুৰ নামত কনী দিয়া নহব বুলি কোৱাৰ পিচতে অংগনবাদী কেন্দ্ৰটোত দুই স্বামী স্ত্ৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ইপিনে কণী এটাৰ বাবে সৃষ্টি হোৱা তয়াময়া যুঁজখনক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে হাঁহিৰ ৷ 

Leave A Reply