২০ ছেপ্তেম্বৰৰ পৰা সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ গোচৰৰ শুনানী আৰম্ভ

0

স্বাধীনতাৰ ৭৬ বছৰত প্ৰথম বাৰৰ বাবে ছুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষা গোচৰৰ শুনানী অনুষ্ঠিত হ’ব ।
এই বিচাৰত নাগৰিক পঞ্জীৰ ভিত্তি বছৰ, বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ, বিদেশীৰ সন্তানৰ নাগৰিকত্ব, ২০১৪ চনলৈ বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ অহা বৈধ-অবৈধ বিদেশীক নাগৰিকত্ব দিয়া, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰত খিলঞ্জীয়া জনগোষ্ঠী সমূহক সুৰক্ষা দিয়া ইত্যাদি বিভিন্ন বিষয়ত চূড়ান্ত সিদ্ধান্ত হ’ব বুলি মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে সংবাদ প্ৰতিষ্ঠানক কয় ।
বিচাৰ হ’ব ৫৬২/২০১২, ৮৭৬/২০১৪, ৩১১/২০১৫ আৰু ৬৮/২০১৬ নং গোচৰৰ ।
৫৬২/২০১২ নং গোচৰত ১৯৫৫ চনৰ নাগৰিকত্ব আইন ১৯৮৫ সংশোধনৰ দ্বাৰা ৬(ক) যুক্ত কৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত পূৱ পাকিস্তানৰ পৰা পলাই আহি অসমত বসবাস কৰি থকা অবৈধ পূৱ পাকিস্তানী বিদেশী সকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা কাৰ্যই সংবিধানৰ ৫,৬,১৪,২১,২৯,৩৫৫ নং ধাৰা উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ মূল গোচৰীয়া মতিউৰ ৰহমান আৰু সহযোগী গোবিন্দ বসুমতাৰী ।

ইতিমধ্যে ৫খন সাংবিধানিক বিচাৰপীঠ হৈ গৈছে । ২০ ছেপ্তেম্বৰৰ পৰা ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰ আৰম্ভ হ’ব । আন ন্যায়াধীশ সকল হ’ল -ন্যায়াধীশ এ এছ বোপান্না, এম এম সুন্দৰেছ, জে বি পাৰিৱালা আৰু মনোজ মিশ্ৰ ।  গোচৰৰ ৰায় দানে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত নিৰ্ণয় কৰিব বুলি মতিউৰ ৰহমানে কয় । বিচাৰ কিছু দীঘলীয়া হ’ব বুলি উল্লেখ কৰি উল্লিখিত সমস্যাবোৰ সমাধানৰ এটা সংবিধান সন্মত ন্যায়িক ব্যৱস্থা হলে এই বিষয়ত বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনে কৰি থকা লেতেৰা ৰাজনীতিৰ ওৰ পৰিব বুলিও মতিউৰ ৰহমানে দৃঢ়তাৰে কয় ।

Leave A Reply