মহম্মদ ছামীক অৰ্জুন বঁটাৰ বাবে মনোনীত

0

ক্ৰিকেটাৰ মহম্মদ ছামীক এদিনীয়া বিশ্বকাপত তেওঁৰ সাফল্যৰ বাবে এই বছৰৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈছে এই তথ্য। ছামী বিশ্বকাপত শীৰ্ষস্থানৰ উইকেট সংগ্ৰহকাৰী বলাৰ আছিল।

Assam Govt Taking Steps To Translate Assamese Literary Works To Major Indian Languages

এইবাৰ বিশ্বকাপত, ছামীয়ে ১৪ টা ইনিংছত ৪৫ টা উইকেট দখল কৰিছে । সূত্ৰ অনুসৰি, বিচিচিআইয়ে ক্ৰীড়া মন্ত্ৰালয়ক ছামীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ এক বিশেষ অনুৰোধ কৰিছিল ।

ছামীৰ উপৰিও অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱা আন খেলুৱৈসকলৰ ভিতৰত আছে পুৰুষ হকী খেলুৱৈ কৃষ্ণ বাহাদুৰ পাঠক আৰু সুশীলা চানু, আৰ্চাৰ ওজাছ প্ৰবীণ দেওতালে আৰু অদিতি গোপীচান্দ স্বামী। বক্সাৰ মহম্মদ হুচামুদ্দিন, দবা খেলুৱৈ আৰ বৈশালী, গল্ফাৰ দীক্ষা দাগৰ, শ্বুটাৰ আইশ্বৰী প্ৰতাপ সিং তোমাৰ, মল্লযোদ্ধা এণ্টিম পাংঘাল আদি।

Leave A Reply