গুৱাহাটী প্ৰেছ ক্লাবত বাসনা সাহিত্য গোষ্ঠীৰ বটা প্ৰদান অনুষ্ঠান

0


গুৱাহাটী : অসমৰ সাহিত্য – সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত গুৱাহাটী পাঞ্জাবাৰীৰ বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক দিবাকৰ শৰ্মাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবত বিতৰণ কৰা হয় । বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি তথা সাংবাদিক নিপজ্যোতি মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি, সাহিত্যিক ড° ডালিমী কোঁৱৰ, মীৰা ঠাকুৰ, ৰত্নেশ্বৰ বসুমতাৰী, ৰুণু দেৱী শৰ্মা, দেবী প্ৰসাদ অধিকাৰী ।
তেওঁলোকে শিক্ষা – সাহিত্য – সংস্কৃতিৰ উত্তৰণৰ বাবে বাসনা সাহিত্য গোষ্ঠীয়ে কৰি অহা কাম‌ – কাজৰ শলাগ লয়।‌ কবিতা প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা ১৬ গৰাকী প্ৰতিযোগী ক্ৰমে প্ৰেমদা চহৰীয়া (দৰং), উমেশ বড়ো, সবিতা দাস মেধি (বৰপেটা), জয়শ্ৰী চহৰীয়া (দৰং), ড° বানেশ্বৰ মিৰ্ধা, ৰামচন্দ্ৰ বস্নেত, পূজা দেৱী ফয়েল (শোণিতপুৰ), পল্লৱী গগৈ বৰগোহাঁই (ডিব্ৰুগড়), প্ৰাণজিৎ দাস(বাক্সা), ড° বৈজয়ন্তী গোস্বামী, নিজৰা কলিতা, গীতাৰাণী সিনহা, ৰীতামণি বৰদলৈ, অঞ্জলি বৰুৱা চুতীয়া (কামৰূপ, মহানগৰ), পৰিণীতা কলিতা (নলবাৰী), অতুল কুমাৰ বৰ্মন (ওদালগুৰি) ।
একেটা অনুষ্ঠানতে গুৱাহাটীৰ সৰলা কাকতিৰ প্ৰবন্ধ সংকলন “ওৱাকিফহাল”, বৰপেটাৰ ছায়া দেৱী দাসৰ গল্প সংকলন “ঢেকীয়াৰ ফুল”, গুৱাহাটীৰ কিৰণ বৰাৰ কাব্যসংকলন ” শব্দৰ সুগন্ধি ‌আখল”ৰ বাবে দিবাকৰ শৰ্মা সোঁৱৰণী বঁটা – ২০২৩, গুৱাহাটীৰ ড° ডালিমী কোঁৱৰৰ কাব্যসংকলন “ঘাটলৈ আহিবি বান্ধৈ”, বঙাইগাঁওৰ ৰাণী দেৱীৰ কাব্যসংকলন “অপৰাজিতা”,‌ বৰপেটাৰ গুণজিৎ শইকীয়াৰ গল্পসংকলন “সহযাত্ৰী”, জালুকবাৰীৰ ৰণজনা তালুকদাৰ বৰাৰ গল্পসংকলন “কুষাৰি”, বঙাইগাঁওৰ শকুন্তলা চৌধুৰীৰ কাব্যসংকলন “কবিতাৰ আবেশত”, আজাৰাৰ নিৰ্মলা শৰ্মাৰ কাব্যসংকলন “অসহায় নাৰী”, গুৱাহাটী পাঞ্জাবাৰীৰ চিত্ৰা বৰ্মন শালৈৰ “পহিলা মাঘৰ কুঁৱলী”, আজাৰাৰ শ্ৰীধৰ ডেকাৰ কাব্যসংকলন “ব’হাগ আহিল বুলি” নামৰ গ্ৰন্থৰ বাবে ড° ভূপেন দাস সোঁৱৰণী বঁটা – ২০২৩। অসমীয়া প্ৰতিদিনৰ সহকাৰী সম্পাদক তপন কলিতা, গুৱাহাটীৰ সাংবাদিক ৰঞ্জিতা দেৱী, গোলাঘাট চুঙাজানৰ বিশিষ্ট কবি দীপিকা ফুকন, উত্তৰ গুৱাহাটীৰ সমাজসেৱিকা গীতালি বিষয়া, সৰুপেটা কলবাৰীৰ সমাজসেৱিকা গীতা দাস, টিহু ষাঠিকুছিৰ সমাজসেৱক সতীশ ‌চন্দ্ৰ বৰ্মন, টিহু শিয়ালমাৰীৰ ৰমাকান্ত মেধিক সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৰিহণা আগবঢ়োৱাৰ বাবে সুন্দৰ – সাধনা বঁটা – ২০২৩ , গুৱাহাটীৰ সমাজসেৱিকা লিলি লহকৰক মানৱ সেৱা বঁটা – ২০২৩ , নলবাৰীৰ উষা দেৱী , গুৱাহাটীৰ বিৰজা হাজৰিকা , টংলাৰ অতুল বৰ্মনক ড° ভূপেন দাস সোঁৱৰণী কাব্য বঁটা – ২০২৩ প্ৰদান কৰা হয় ৷ সভাৰ আৰম্ভণীতে ৰুণু দেৱী শৰ্মাই এটি বৰগীত পৰিৱেশন কৰে। সভাৰ শেষত ৰুণু দেৱী শৰ্মাৰ কাব্যসংকলন “সপোন ভঙা শব্দ” উন্মোচন কৰে বিশিষ্ট কবি মীৰা বৰঠাকুৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসমৰ বিভিন্ন জিলাৰ পৰা অহা সাহিত্যপ্ৰেমী ৰাইজ‌ উপস্থিত থাকে।

Leave A Reply