দুৰ্গোৎসৱত পথ-দুৰ্ঘটনা ৰোধৰ উদেশ্যে মহানগৰীত পথ সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান

0

গুৱাহাটী: অসম চৰকাৰৰ পৰিবহণ বিভাগ আৰু কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মঙ্গলবাৰে সন্ধিয়া ৬ বজাৰ পৰা মহানগৰীৰ গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত অগণন ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় পথ সুৰক্ষা সজাগতাৰ অনুষ্ঠান। এই অনুষ্ঠানতে এখনি বাতৰ নাট পৰিবেশনোকৰি নেডফিমছৰ শিল্পীসকলে পথসুৰক্ষা সজাগতাৰ এক ব্যতিক্ৰমী আহ্বান জনায়। অনুষ্ঠানটোত বিশিষ্ট অভিনেত্ৰী চেতনা দাস, সুগায়িকা মৌচুমী চহৰীয়া, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰাণজিৎ শইকীয়া,পৰাগমনি আদিত্য, ছায়ামনি ভূঞা, কন্ঠশিল্পী কল্লোল বৰঠাকুৰ আৰু সাংবাদিক মানস প্ৰতিম ডেকা উপস্থিত থাকে ৷ দুৰ্গোৎসৱৰ সময়ত সংঘটিত পথ-দুৰ্ঘটনা ৰোধৰ উদেশ্যে অনুষ্ঠিত পথ-সুৰক্ষা সজাগতা অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যত সংঘটিত পথ দুৰ্ঘটনাৰ আশংকা আৰু ভয়াবহতাৰ কথা উল্লেখ কৰি ইয়াৰ প্ৰতিকাৰৰ বাবে সমাজৰ সকলো স্তৰলৈ পথ সুৰক্ষা সজাগতা আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত সকলোৰে সহযোগিতা আহ্বান কৰে। দুৰ্গোৎসৱৰ এই আনন্দময় পৰিবেশত পূজাৰ আনন্দ কেবল সাত্বিকভাৱে উপভোগ কৰি নিজৰ লগতে আনৰ বিপদ হ’ব পৰা উশৃঙ্খল কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। যোৱা কেইবছৰমানৰ পৰা গুৱাহাটী মহানগৰীত উৎসৱৰ বতৰত পথ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি তেও কয় যে পূজাৰ বতৰত নিচাযুক্ত দ্ৰৱ্য সেৱন কৰি কোনোৱে যাতে যানবাহন নচলায় ৷ দ্ৰুতগতি পৰিহাৰ কৰি সকলোকে নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাবলৈ আহ্বান জনায় দুচকীয়া বাহনত চালক আৰোহী উভয়কে হেলমেট পৰিধান কৰিবলৈ সতৰ্ক কৰি দি ছীটবেল্ট ব্যৱহাৰ কৰিহে চাৰিচকীয়া বাহন চলাবলৈ আহ্বান জনায়।
পথ সুৰক্ষা সজাগতা অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ প্ৰাণজিৎ শইকীয়া আৰু পৰাগমনি আদিত্যই আগন্তুক দুৰ্গা পূজাৰ উৎসৱকালীন সময়ত সকলো যানবাহন ব্যৱহাৰকাৰীকে ধৈৰ্য আৰু সংযম ৰক্ষা কৰিহে যানবাহন চলাবলৈ আহ্বান জনায় । পথত গাড়ী চলাওঁতে বহুসময়ত পৰস্পৰৰ সহযোগিতা, মনোযোগিতাৰ অভাৱতে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰি যানবাহন চলোৱাৰ সময়ত মানি চলিবলগীয়া নীতি নিয়মসমূহক সদায় মনত ৰাখিবলৈ অনুৰোধ জনায় । অনুষ্ঠানটোৰ অন্যতম অতিথি তথা বিশিষ্ট অভিনেত্ৰী চেতনা দাসে এইবাৰৰ দুৰ্গাপূজা পথ দুৰ্ঘটনামুক্ত তথা বিপদমুক্ত কৰিবলৈ সকলোৰে প্ৰতি কাতৰ আহ্বান জনাই। উল্লেখ্য যে সজাগতা অনুষ্ঠানটোৰ মাজতে বিশিষ্ট অতিথি সকলে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ পৰিকল্পনাত যুগুতাই উলিওৱা এটি পথসুৰক্ষাৰ গীত মুকলি কৰা হয়। যানবাহন চলাওঁতে মানি চলিবলগীয়া “পঞ্চসূত্ৰ”ৰ আধাৰত গীতটিৰ কন্ঠ আৰু সুৰ শিল্পী কল্লোল বৰঠাকুৰৰ ৷ কন্ঠশিল্পী মৌচুমী চহৰীয়াই “মানুহে মানুহৰ বাবে” গীতটি পৰিবেশন কৰি ৰাজপথত সকলোকে পৰস্পৰৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। একেটা অনুষ্ঠানতে নিৰ্বাক গোষ্ঠীৰ শিল্পীসকলে পথ-সুৰক্ষামূলক মুকাভিনয় পৰিবেশন কৰি সজাগতা সৃষ্টি কৰে ৷

Leave A Reply