তৃতীয় বিবাহ, পাৰ্লাৰ ৰোমান্স, ক’লাযাদু আৰু এটা হত্যাকাণ্ড

0

গুৱাহাটী আৰক্ষীয়ে অৱশেষত ফাদিল কৰিলে কইনাধৰাত সংঘটিত হোৱা হত্যাকাণ্ডৰ ৰহস্য। যোৱা ১২ অক্টোবৰত অঞ্জন নাথ নামৰ ২৭ বছৰীয়া যুৱকজনক গুলীয়াই হত্যা কৰা ঘটনাত জড়িত ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল সৌৰভ গোয়েংকা (২৫), গোবিন্দ কুমাৰ (২৩), অৰবিন্দ ৰায় (৪৮), অজিত সিনহা (৫৭), ঝৰ্ণা সিনহা (৫০), গীতাশ্ৰী সিনহা (২৯)।
গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়া মতে, গীতাশ্ৰী সিনহাৰ পূৰ্বতে দুবাৰকৈ বিয়া হৈছিল আৰু অঞ্জন নাথৰ সৈতে লিভ ইন ৰিলেশ্বনশ্বিপত আছিল। এই সম্পৰ্কত গীতাশ্ৰী আৰু অঞ্জন দুয়োৰে পৰিয়াল সুখী নাছিল আৰু তেওলোকৰ মাজত কোনোধৰণৰ সামাজিক আৰু আইনী বিবাহ সম্পন্ন হোৱা নাছিল বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

ঘটনাৰ মুল অভিযুক্ত সৌৰভে গুলিয়াই হত্যা কৰিছিল অঞ্জনক। সৌৰভৰ সৈতে গীতাশ্ৰীৰ ৰোমান্টিক সম্পৰ্ক গঢ়ি উঠিছিল। গীতাশ্ৰীয়ে কাম কৰা পাৰ্লাৰত এই সম্পৰ্কৰ গঢ় লৈ উঠিছিল। লগতে, গীতাশ্ৰীৰ পৰিয়ালৰ সন্মতিত তেওলোকে বিবাহৰ বাবেও আগবাঢ়িছিল।

কিন্তু ইয়াত বাধা হিচাপে থিয় দিয়া অঞ্জনক আতৰাবলৈ তেওলোকে পৰিকল্পনা কৰে। প্ৰথমতে তেওলোকে ক’লা যাদুৰ আশ্ৰয় লয় চেষ্টা কৰে। পাচত সৌৰভে গোবিন্দৰ বিহাৰৰ ঘৰলৈ গৈ পিষ্টলৰ যোগাৰ কৰে। পিষ্টলটো বিহাৰৰ পৰা বাছেৰে গুৱাহাটী আই এছ বি টি লৈ অনা হয় আৰু অৰবিন্দৰ ঘৰত ৰাখে। ইয়াৰ পাচত সৌৰভে অঞ্জনক ১২ অক্টোবৰত গুলীয়াই হত্যা কৰি পিষ্টলটো ভৰলুত পেলাই দিয়ে।
ঘটনাৰ এই সৱিশেষ তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Leave A Reply