বাঁহ কৃষক তথা বাঁহ শিল্পীৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত দহ দিনীয়া প্ৰশিক্ষণ আৰম্ভ

0

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বাঁহৰ ওপৰত দহ দিন জোৰা এটি প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। উৰিষ্যা চৰকাৰৰ বাঁহ উন্নয়ন সংস্থাৰ অৰ্থ সাহায্যত আয়োজন কৰা এই প্ৰশিক্ষণত মুঠতে বাৰ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে দহ জন বাঁহ কৃষক আৰু বাঁহ শিল্পী। দুজন বন বিভাগৰ বিষয়া। শুকুৰবাৰে অনুষ্ঠিত হোৱা চমু উদ্ধোধনী অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক ফুলাম গামোচাৰে আদৰণি জনায় প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ ৰাজীৱ কুমাৰ বৰাই। প্ৰতিষ্ঠানৰ জেষ্ঠ বিজ্ঞানী তথা সম্প্ৰসাৰণ বিভাগৰ মুৰব্বী ৰাজীৱ কুমাৰ কলিতাই প্ৰশিক্ষণৰ বিষয়ে সবিস্তাৰে অৱগত কৰে। প্ৰশিক্ষণৰ প্ৰথম কাৰ্যসূচী হিচাবে বাঁহৰ ভিত্তিক অজীৱিকা অৰ্জনৰ বিভিন্ন পথ সমূহৰ কলিতাই আলোকপাত কৰে। ইয়াৰ পাছত বাঁহৰ পুলিবাগান তৈয়াৰ কৰা, যতন লোৱা, আদিকৰি ভালেমান বিষয়ৰ ওপৰত প্ৰশিক্ষণ আগবঢ়োৱা হয়। প্ৰশিক্ষাৰ্থী সকলে বৰ্ষাৰণ্যত চলি থকা বিভিন্ন বাঁহ ভিত্তিক গৱেষণা আৰু উন্নয়নৰ লগত জড়িত ক্ষেত্ৰ অধ্যয়ন কৰে। এই দহ দিনীয়া প্ৰশিক্ষণত বাঁহনী বাৰী তৈয়াৰ কৰা, বাঁহৰ পৰিশোধান কৰা, বাঁহৰ পৰা কয়লা বনোৱা, বাঁহৰ বিভিন্ন হস্তশিপ্ল সামগ্ৰী বনোৱা আদিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হব। বাঁহ ভিত্তিক কুটিৰ আৰু মজলীয়া উদ্যোগ আদিও পারিদর্শনৰ ব্যৱস্থা কৰা হব ।

Leave A Reply