ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখ ন – পাৰাত ৰাজহুৱা সভাগৃহৰ আধাৰশিলা স্থাপন

0

গুৱাহাটী : পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩২ নম্বৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ ১০ নম্বৰ ৱাৰ্ডৰ খানামুখ ন – পাৰা ৰাজহুৱা নামঘৰ চৌহদত প্ৰয়াত মেলো কলিতাৰ পৰিয়ালবৰ্গই দান দিয়া ভূমিত পঞ্চদশ বিত্তীয় আয়োগৰ ২০২১ – ২২ বৰ্ষৰ প্ৰথম কিস্তিৰ ১৬ লাখ টকাৰ অনুদানেৰে এটা ৰাজহুৱা সভাগৃহ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰে। ধাৰাপুৰ গাঁও পঞ্চায়তৰ সভাপতি শৈলেন কলিতা আৰু ১০ নম্বৰ ৱাৰ্ডৰ সদস্য প্ৰদীপ দাসৰ নেতৃত্বত নিৰ্মাণ হবলগীয়া সভাগৃহটোৰ আজি আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

More : Police Open Fire On Thieves In Guwahati, Two Injured

এই উপলক্ষে শৈলেন কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰস্তাৱিত নতুন সভাগৃহটো আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হব বুলি আশা ব্যক্ত কৰি কাম চলি থকা সময়ত ৰাইজক চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰাণী উন্নয়ন খণ্ডৰ তদাৰকী আৰু নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা, ধাৰাপুৰ গাঁও পঞ্চায়তৰ সচিব চফিক আলী মিৰ্জা, কনিষ্ঠ অভিযন্তা ধীৰাজ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ কাকতি , শ্ৰী শ্ৰীলংকেশ্বৰ ধাম আঞ্চলিক ধাম পৰিচালনা সমিতিৰ সভাপতি কামিনীকান্ত কলিতা আৰু সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতা, ধাৰাপুৰ তালুক কমিটিৰ প্ৰাক্তন সভাপতি তিলক কলিতা , যুৱ সমাজ কৰ্মী ৰুবুল বৈশ্য , প্ৰণৱ দাস , ন – পাৰা ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন দাস, সম্পাদক কমল কলিতাকে ধৰি কেবাজনো কৰ্মকৰ্তা , সভাগৃহৰ ভূমিদাতা পৰিয়ালৰ কেবাজনো সদস্য, অঞ্চলটোৰ বহু বিশিষ্ট লোক উপস্থিত থাকে ।

Leave A Reply