শ্বাহৰুখ খান, দিপিকা পাডুকনৰ বিৰুদ্ধে গুৱাহাটীৰ গীতানগৰ থানাত এজাহাৰ

0

পাঠান বোলছবিখনৰ বিতৰ্ক চলি থকা সময়তে ছবিখনৰ প্ৰযোজক, পৰিচালকৰ বিৰুদ্ধে গুৱাহাটীৰ গীতানগৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। লগতে অভিনেতা শ্বাহৰুখ খান, দিপিকা পাডুকনৰ বিৰুদ্ধেও গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কুটুম্ব সুৰক্ষা পৰিষদে। পৰিষদৰ নেতা সত্যৰঞ্জন বৰাই ৰুজু কৰিছে এই গোচৰ।
বৰাই ছচিয়েল মিডিয়াত উল্লেখ কৰিছে যে, “বেচৰম_ৰঙৰ ফাঁকু/হোলী খেলা লজ্জাহীন অসমীয়া; লজ্জাহীন হিন্দু !! #পাঠানে সকলোকে বহতীয়া কৰিলে! বহতীয়া কৰিলে সংস্কৃতিৰ বৰঘৰ সজাঁ বৰদোৱা থান আৰু বৰপেটা সত্ৰৰ গৌৰৱান্বিত ৰঙৰ উৎসৱক !! “বেচৰম” ৰঙৰ উৎসৱ কোনোবা “চৰম” থকা লোকে পালন কৰিব পাৰে জানো ??? অসমত পাঠান তেতিয়াও সুৰক্ষিত হৈ আছিল আজিও আছে; হয়তো সকলোকে পাঠান নসজোৱালৈকে এনেকৈয়ে চলি থাকিব !!”

Leave A Reply