গুৱাহাটীত জি এছ এৰ আন্তঃক্লাব বেডমিণ্টনৰ পুৰুষ- মহিলাৰ বেডমিন্টন প্ৰতিযোগিতা

0

গুৱাহাটী, ২৫ জানুৱাৰী : গুৱাহাটী ক্ৰীড়া সন্থা চমুকৈ জি এছ এৰ দ্বাৰা ২২ আয়োজন কৰা আন্তঃক্লাব দলীয় বেডমিণ্টন প্ৰতিযোগিতাৰ সোমবাৰে সন্ধিয়া সফল সামৰণি পৰে । মুঠ ১৬ টা ক্লাবে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত পুৰুষৰ ১৬ টা আৰু মহিলাৰ ৬ টা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় । গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়াক্ষেত্ৰৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । পুৰুষ- মহিলা উভয় শাখাতে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে লাহটিয়া স্পৰ্টছ হাবে । মহিলাৰ ফাইনেলত বেহাৰবাৰীৰ লাহটিয়া স্পৰ্টছ হাবে খানাপাৰা ইনড’ৰ ষ্টেডিয়াম দলক ২-০ আৰু পুৰুষ শাখাৰ ফাইনেলত লাহটিয়া স্পৰ্টছ হাবে এফ চি গ্ৰীণভেলী দলক সম ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয় ।

লাহটিয়া স্পৰ্টছ হাবৰ মহিলা দলত আছিল মহিকা শ্বাহ, ঐশ্বৰ্যা চৌধুৰী আৰু আকাংক্ষা চৌধুৰী । ইয়াৰ পুৰুষ দলৰ সদস্যসকল হ’ল — জিমন কচাৰী, সৌৰভ দাস, এন য়হানবা সিং আৰু ৰোহাক শ্বাহ । মহিলাৰ ফাইনেলিষ্ট খানাপাৰা ইনড’ৰ ষ্টেডিয়াম দলত আছিল গীত বৰবৰা,বৰ্ণিকা কাশ্যপ, আয়ুসী ভূঞা আৰু আৰিয়ানা সোণোৱাল । ইফালে পুৰুষৰ ফাইনেলিষ্ট এফ চি গ্ৰীণভেলীৰ খেলুৱৈসকল হ’ল — ঋষভ শৰ্মা, দীপজ্যোতি দত্ত, ডন গগৈ আৰু বিট্টু দাস । প্ৰতিযোগিতাত যোগদান কৰা আনবোৰ দল হ’ল — ফ্ৰণ্টিয়াৰ ক্লাব, ডায়নামো ক্লাব, লিজেণ্ডছ স্পৰ্টিং ক্লাব, ৰিভাৰৰাইন ক্লাব, নাৰেংগী স্পৰ্টিং ক্লাব, ছাউথ প‌ইণ্ট বেডমিণ্টন এণ্ড ট্ৰেইনিং একাডেমী, গুৱাহাটী চিটি এফ চি, ছানৰাইজ এ চি, নৱজ্যোতি ক্লাব, মেট্ৰো স্পৰ্টছ ক্লাব, গুৱাহাটী ৰিফাইনেৰী ষ্টেডিয়াম, খানাপাৰা এফ চি আৰু চেমছ বেডমিণ্টন একাডেমী ।
জি এছ এৰ সহকাৰী বেডমিণ্টন সম্পাদক অনল কান্তি সিনহাই আঁত ধৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰচিদ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোঁহাই, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ৰাজ কাকতি, জি এছ এৰ সভাপতি পুলক গোস্বামী, সম্পাদক ধ্ৰুৱজ্যোতি কলিতা, যুটীয়া সম্পাদক খনিন দত্ত, লাইফ মেম্বাৰ দেবাশিস বোস আৰু খেল পৰিচালক ৰূপকুমাৰ বুঢ়াগোহাঁয়ে ।

Leave A Reply