Website Design: dastechnologies
পাঠানৰ ১৯২ টিকট ক্ৰয় ৰঙিয়াৰ যুৱকৰ
শ্বাহৰুক খান অভিনীত পাঠান বোলছবি পাঠানৰ বিষয়ে চৌদিশে বিতৰ্ক হৈ থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোনাৰ নিবাসী ফাৰুক খানে ৰঙিয়াৰ ডিলাইট গোল্ড চিনেমা হলৰ ১৯২ টা টিকট ক্ৰয় কৰিছে । অনুৰাগী গৰাকী হৈছে ৰঙিয়াৰ কেন্দুকোনা নিবাসী ফাৰুক খান । টিকট সমুহ ক্ৰয় কৰি শ্বাহৰুক খানৰ অনুৰাগী গৰাকীয়ে উৎফুল্লিত হৈ কয় যে বহুদিনৰ মূৰত শ্বাহৰুক খানক পুনৰ ৰূপালী পৰ্দাত দেখিবৈ পোৱা যাব । কোনোবাই প্ৰতিবাদ কৰিলে বা বয়কট কৰিলেও তেওঁলোকে শ্বাহৰুক খানক চাব যাবই । তেখেতে নিজৰ লগতে পৰিয়াল বৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে চিনেমা খন উপভোগ কৰিব বুলি প্ৰকাশ কৰিছে । অনুৰাগীয়ে গৰাকীয়ে আগতীয়াকৈ ক্ৰয় কৰা টিকট খিনি হৈছে হলটোৰ সৰ্বমুঠ টিকটৰ ৮০% । চিনেমা খনৰ মুক্তিৰ প্ৰথম দিনাখনৰ প্ৰথম প্ৰদৰ্শনীৰ টিকট সমুহ ক্ৰয় কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে অনুৰাগী গৰাকী ।
উল্লেখযোগ্য যে প্ৰায় চাৰি বছৰৰ মুৰত বলিউডৰ বাদশ্বাহ শ্বাহৰুক খানে পুনৰ ৰূপালী পৰ্দাত ভুমুকি মাৰিবলৈ উলাইছে । ইতিমধ্যে বোলছবি খনৰ এটা গীতে সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি কৰিছে । কেতবোৰ হিন্দুত্ববাদী সংগঠনে ইতিমধ্যে চিনেমাখন বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে গুৱাহাটীত কোনো দুৰ্বৃত্তই চিনেমা খনৰ পোষ্টাৰ ফালি পেলাইছিল । ইয়াৰ মাজতে শ্বাহৰুক খানৰ অনুৰাগী এগৰাকীয়ে এনেদৰে আগতীয়াকৈ টিকট ক্ৰয় কৰা ঘটনাই তাৎপৰ্য গ্ৰহণ কৰিছে ।