Website Design: dastechnologies
গৰীয়া-মৰীয়া-দেশী সকলক কেৱল মুছলমান বুলি শত্ৰুৰ দৰে আচৰণ কৰি থকাটো নিন্দনীয় –মহাসংঘ
আজি গড়গাঁৱত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সংবাদ মেলত অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে টাই সাহিত্য সভাৰ সভাপতি ডা: হেমন্ত গগৈৰ সৈতে এক সংবাদ মেলত কয় যে —
অসমত খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলক কেৱল গৰীয়া-মৰীয়া-দেশী বুলি অভিহিত কৰাহে উচিত ।
মুছলমানৰ সংখ্যাগৰিষ্ঠতা দেখুৱাবলৈ গৰীয়া-মৰীয়া-দেশী সকলক বাঙালী ভাষী আৰু হিন্দী ভাষী বিহাৰী মুছলমানৰ সৈতে একাকাৰ কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ মুছলমানসকলক চৰম অপমান আৰু অপদস্থ কৰি শত্ৰুৰ দৰে আচৰণ কৰি থকা কাৰ্য অতি নিন্দনীয় ।
২০০১ চনৰ লোকপিয়লত ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত আৰু ২০১১ চনৰ লোকপিয়লত মৰিগাঁও, বঙাইগাঁও আৰু দৰং জিলাটো মুছলমান সংখ্যাগৰিষ্ঠ হোৱা বুলি কৈ আছে ।
কিন্তু এই কথা কেতিয়াও সঁচা নহয় । সকলো পক্ষই জনা উচিত যে নিভাজ অসমীয়া ভাষী তথা বিভিন্ন জনগোষ্ঠীয় সংস্কৃতি কঢ়িয়াই ফুৰা গৰীয়া-মৰীয়া-দেশী জনগোষ্ঠীৰ লোকসকল সদায় অসমীয়া ভাষী হিন্দু তথা বিভিন্ন জনজাতীয় সমাজৰ সৈতেহে একাত্ম-নিবিড় হৈ আছিল, আছে আৰু চিৰকাল থাকিব । তেনে ক্ষেত্ৰত উক্ত তিনিটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ক বাঙালী ভাষী আৰু হিন্দী ভাষী মুছলমানৰ সৈতে সামৰি উক্ত ৯ খন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ হৈছে বুলি অসমীয়া হিন্দু আৰু জনজাতীয় সমাজক ভিতিগ্ৰস্ত আৰু সন্ত্ৰাসিত কৰি বিজেপি-অগপৰ যৌথ চৰকাৰে অসমৰ হাজাৰ বছৰীয়া সাম্প্ৰদায়িক ঐক্য-সম্প্ৰীতি ধ্বংস কৰিবলৈ এই নিকৃষ্ট ষড়যন্ত্ৰ কৰি আছে । ঐক্যবদ্ধ অসমীয়া জাতি তথা অসমীয়া ভাষীক সম্প্ৰদায়ৰ মাজত অহৈতুক অশান্তি আৰু অবিশ্বাস গঢ়ি তুলিব পাৰিলে অসমীয়াসকল সংখ্যালঘু হৈ চিৰকালৰ বাবে শাসন ক্ষমতাৰ পৰা বঞ্চিত হৈ গোলামলৈ ৰূপান্তৰ হ’ব । অসম চৰকাৰৰ বিভিন্ন বিভাগত থকা সাম্প্ৰদায়িক মনোভাৱৰ বিষয়াসকলে এই নিকৃষ্ট জাতিধ্বংসী ষড়যন্ত্ৰত সাৰ-পানী যোগাই আহিছে । খিলঞ্জীয়া জনগোষ্ঠীসমূহে এই ভয়ানক ষড়যন্ত্ৰৰ কথা বুজা উচিত ভৱিষ্যত বংশধৰ সকলৰ সুৰক্ষাৰ স্বাৰ্থত । বৈধ-অবৈধ বাঙালী ভাষী হিন্দু-মুছলমান আৰু হিন্দী-নেপালী ভাষী লোকসকলক অসমত খিলঞ্জীয়া অসমীয়াৰ সৈতে সমান অধিকাৰ দি হাজাৰ বছৰীয়া খিলঞ্জীয়া নিজা ভাষা-দোৱান থকা জাতি-জনগোষ্ঠীসমূহক আৰু অসমীয়া ভাষিক খিলঞ্জীয়া সম্প্ৰদায়সমূহক চিৰদিনলৈকে নিজস্ব ভূ-খণ্ড তথা গৃহভূমিতে সংখ্যালঘু কৰি সকলো ক্ষমতা আৰু অধিকাৰৰ পৰা বঞ্চিত কৰি গোলামত পৰিণত কৰিবলৈকে এই ভয়ানক ষড়যন্ত্ৰ চলি আছে । উক্ত ৯ খন জিলাত বসবাস কৰি থকা গৰীয়া-মৰীয়া-দেশী জনগোষ্ঠীৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায় জনসংখ্যা আৰু বাঙালী-হিন্দীভাষী মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ জনসংখ্যা পৃথক পৃথক কৈ উলিয়াই দিলেই সকলো কথা পৰিষ্কাৰ হৈ যাব বুলি ৰহমান আৰু গগৈয়ে দৃঢ়তাৰে কয় । অসমীয়া খিলঞ্জীয়া জনগোষ্ঠী সমূহক নিঃশেষ কৰিবলৈকে এই ভাগ ভাগ কৰা ষড়যন্ত্ৰ চলি আছে ।
অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠী এই ক্ষেত্ৰত সজাগ আৰু সতৰ্ক হৈ থকা উচিত । আজি গড়গাঁৱত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সংবাদ মেলত মতিউৰ ৰহমানৰ সৈতে টাই সাহিত্য সভাৰ সভাপতি ডা: হেমন্ত গগৈ উপস্থিত আছিল ।
( সংবাদ বিবৃতি)