গুৱাহাটী ক্ৰীড়া সন্থাত নতুন সংবিধান গৃহীত, ৩১জনীয়া সমিতিৰ দায়িত্বগ্ৰহণ

0

গুৱাহাটী : এখন নতুন সংবিধানেৰে আগবাঢ়িল গুৱাহাটী ক্ৰীড়া সন্থা । গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত কালি সন্ধিয়া অনুষ্ঠিত সন্থাৰ এখন গুৰুত্বপূৰ্ণ ‘এক্সট্ৰাঅৰ্ডিনেৰী’ সাধাৰণ সভাই এই নতুন সংবিধানত অনুমোদন জনায় । এই সংবিধানৰ খচৰাত ইতিমধ্যে কাৰ্যকৰী সমিতিয়ে অনুমোদন জনাইছিল । তাৰ পাছতে ইয়াক কালি অনুষ্ঠিত সাধাৰণ সভালৈ চূড়ান্তভাৱে গৃহীত কৰি গ্ৰহণৰ বাবে পঠিওৱা হয় । সভাৰ আৰম্ভণিতে সভাপতি পৰেশ চন্দ্ৰ দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াক নতুন সংবিধানৰ খচৰা সদস্যসকলৰ আগত উপস্থাপনৰ অনুৰোধ জনায় । সেই অনুসৰি সম্পাদক শইকীয়াই প্ৰতিটো অনুচ্ছেদৰ ব্যাখ্যা আগবঢ়াই সদস্যসকলৰপৰা মতামত বিচাৰে । নতুন সংবিধানখন সন্থাক এক শীৰ্ষ ক্ৰীড়া সংগঠনৰূপে গঢ়ি তোলা আৰু ক্ৰীড়াৰ সামগ্ৰিক বিকাশৰ উদ্দেশ্য আগত ৰাখি ৰচনা কৰা হৈছে বুলি তেওঁ কয়। নতুন সংবিধান মতে কাৰ্যবাহী সমিতি পূৰ্বৰ ১৭জনীয়াৰ সলনি ৩১জনীয়া হ’ব । পূৰ্বৰ তিনিগৰাকী উপসভাপতিৰ সলনি ৮গৰাকী উপসভাপতি থাকিব ৷ ইয়াৰে এটা পদ মহিলাৰ বাবে সংৰক্ষিত হ’ব । সহকাৰী সাধাৰণ সম্পাদক পূৰ্বৰ দুগৰাকীৰ ঠাইত চাৰিগৰাকী হ’ব । লগতে থাকিব ৭গৰাকী কাৰ্যবাহী সদস্য । এই সমিতিৰ কাৰ্যকাল পূৰ্বৰ দুবছৰৰ ঠাইত চাৰি বছৰ হ’ব । এই খচৰা সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে গৃহীত কৰে আৰু কালিৰপৰাই প্ৰযোজ্য হোৱাকৈ ইয়াক গ্ৰহণ কৰা হয় । ইয়াৰ পাছতে সভাপতি পৰেশ চন্দ্ৰ দাসৰ নেতৃত্বত পূৰ্বৰ সমিতিখনে পদত্যাগ কৰে কিয়নো এইখন পূৰ্বৰ সংবিধানৰ ভিত্তিত গঠন হৈছিল । কালিৰ সভাতে পৰৱৰ্তী চাৰি বছৰৰ বাবে নতুন সংবিধানৰ অধীনত কাম আৰম্ভ কৰিবলৈ ৩১জনীয়া নতুন কাৰ্যবাহী সমিতি মনোনীত কৰি গঠন কৰি দিয়া হয়। এই নতুন সমিতিখন হৈছে এনেধৰণৰ:
সভাপতি: পৰেশ চন্দ্ৰ দাস
উপসভাপতি: ভোলা বড়ো, ৰাজ কাকতি, এল হেমন্ত সিং, বাদল দে’, সুনীল নাথ, অম্বা শইকীয়া পাটগিৰি (মহিলা), প্ৰসন্ন বৰা (শিক্ষানুষ্ঠান), সুৰেশ কাইমল (কাৰ্যালয়/প্ৰতিষ্ঠান)
সাধাৰণ সম্পাদক: দেৱজিৎ শইকীয়া
কোষাধ্যক্ষ: অমিয় কুমাৰ কলিতা
যুটীয়া সম্পাদক: কাজল পাল চৌধুৰী
সহকাৰী সাধাৰণ সম্পাদক: বাবলু চৌধুৰী, সিদ্ধাৰ্থ শংকৰ ডেকা, ছাজ্জাদ জাৰিৰ হুছেইন আৰু নৱৰোজ মুনাৱৰ ,
ক্ৰীড়া সম্পাদক
ফুটবল: এল প্ৰণৱ সিং, ক্ৰিকেট: নাছিৰ গুল খান, টেব্‌ল টেনিছ: গীতাৰ্থ দাস, বাস্কেটবল: মনজিত হাজৰিকা, বেডমিণ্টন: এম ৰঞ্জিত সিং, ভলীবল: প্ৰদীপ কুমাৰ শৰ্মা, হকী: মানস নন্দী, এথলেটিক্‌ছ: ৰাঘৱেন্দ্ৰ মজুমদাৰ,
কাৰ্যবাহী সদস্য: ৰঞ্জন মেধি, প্ৰতীম হাজৰিকা, অন্ন কুমাৰ স্বৰ্গিয়াৰী, প্ৰমোদ ৰাজবংশী, কৌস্তৱ চক্ৰৱৰ্তী, ইজাজ উল্লাহ আৰু আখতাৰ উদ্দিন আহমেদ ,
প্ৰাক্তন সভাপতিদ্বয় পুলক গোস্বামী আৰু মুনীন নবীশক কাৰ্যবাহী সমিতিৰ বিশেষ আমন্ত্ৰিত ব্যক্তিৰূপে মনোনীত কৰা হয় ৷ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই এই নতুন সংবিধান গৃহীত কৰা বাবে সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু এই সংবিধানৰ অধীনত সন্থাৰ সামগ্ৰিক উন্নয়নৰ বাবে তেওঁৰ সমিতিয়ে যৎপৰোনাস্তি প্ৰয়াস চলাব বুলি প্ৰকাশ কৰে ।

Leave A Reply