পশ্চিম গুৱাহাটীৰ ভিন্ন স্থানত ১২ টা পথৰ আধাৰশিলা স্থাপন বিধায়ক কলিতাৰ

0

পশ্চিম গুৱাহাটী সমষ্টিৰ বিভিন্ন পথ-উপপথকে ধৰি অন্যান্য উন্নয়ন কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । ইয়াৰ অংশ হিচাপে আজি কেবাটাও পথৰ আধাৰশিলা স্থাপন কৰে । বিধায়ক কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত মহানগৰীৰ পশ্চিম প্ৰান্তৰ ভিন্ন স্থানৰ ১২ টা পথৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ ভিতৰত ৪২.২৯ লাখ টকা ব্যয় সাপেক্ষে আজাৰা গধূলি বজাৰৰ পৰা লোৱাৰ মিৰ্জাপুৰ পথ, বাকাৰাপাৰা পথ (১৪৭.৬৫ লাখ), পিটবাৰী ভিলেজ পথ (৫০.৩৬ লাখ) , পুৰণবাৰী ভিলেজ পথ (৮২.৫০ লাখ) , মেকুৰীকুছি পথ (৬৮.৩৬ লাখ) , ৰাণী মৈৰাপুৰ ভিলেজ পথ (৯১.৩৪ লাখ) , ভোলাগাওঁ ভিলেজ পথ (১১৯.৪৭ লাখ) , এল জি পথৰ পৰা কুমাৰবাৰী শিৱ মন্দিৰ পথ ( ১০৮.৪২ লাখ) , গাৰোপৰা ভিলেজ পথ (১১৫.৩৯ লাখ), চল্লিৰ পৰা জয়পুৰ পথ (৭৮.৯৯ লাখ ) , বিক্ৰমপুৰৰ পৰা চেচা পথ (১৪.৩৯ লাখ) , ৰাজাপাৰাৰ পৰা বাহুৱা পথ (১৪.৩৯ লাখ) ।

LGBI Airport Hosts Aviation Safety Culture Week In Collaboration With BCAS

আজি বিধায়ক কলিতাই উক্ত পথ কেইটাৰ আধাৰশিলা আনুষ্ঠানিক স্থাপন কৰি স্থানীয় ৰাইজক উন্নয়নমূলক কামখিনিত চকু ৰাখিবলৈ আহ্বান জনায় । আনুষ্ঠানিকতা সম্পন্ন কৰি বিধায়ক কলিতাই অতি সোনকালে পথ কেইটা স্থানীয় ৰাইজৰ সহায়ক হোৱাকৈ কাৰ্যক্ষম কৰি তুলিব বুলি আশ্বাস প্ৰদান কৰে । আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা , পশ্চিম গুৱাহাটী সংমণ্ডল(পথ)ৰ কাৰ্যবাহী অভিযন্তা ভবেন শৰ্মা , সহকাৰী কাৰ্যবাহী অভিযন্তা পুলক দাস , সহকাৰী অভিযন্তা কৃষ্ণ দাস , পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সম্পাদক ৰবীন দৈমাৰী , ৰাণী উন্নয়ন খণ্ডৰ সভাপতি পৰমেশ্বৰ বৰ্মণ , কামৰূপ জিলা অগপৰ সম্পাদক পৰেশ বৰুৱা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Leave A Reply