গোৱালপাৰাত নিৰ্মমভাৱে প্ৰহাৰ এজন লোকক, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

0

গোৱালপাৰাৰ জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰীত সংঘঠিত হৈছে মৰেল পুলিচগিৰিৰ ঘটনা । একাংশ উন্মাদ লোকে উপৰ্যুপৰি আক্ৰমণ চলাইছে এজন লোকৰ ওপৰত । লাঠিৰে অতিকৈ নিৰ্মমভাৱে চলাইছে আক্ৰমন। আব্দুছ ছালাম নামৰ এগৰাকী নিৰীহ লোকৰ ওপৰত এনেদৰে আক্ৰমণ চলা বুলি জানিব পৰা গৈছে । সামাজিক মাধ্যমত ভাইৰেল হৈছে আক্ৰমণৰ ভিডিঅ’ । লোক জনক অতি সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰোৱা বুলি জনা গৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

আক্ৰমণকাৰী সকলোৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে । আমবাৰীত সংঘটিত হোৱা আক্ৰমনৰ ঘটনাৰ পিচত মুখ খলিলে ভূক্তভোগীৱে। জানিব পৰা মতে, নুৰ ছালামে পোৱা চৰকাৰী গৃহটো নিৰ্মান কৰি থকা অৱস্থাত বাধা আৰোপ কৰে নুৰ ছালামৰ সম্পৰ্কীয় সাতজনকৈ ভাতৃৱে। অৱশেষত ঘটনাই আক্ৰমনৰ ৰূপ লয়। ৰাজপথত বগৰাই বগৰাই  নুৰ ছালামক। আক্ৰমণকাৰীসকলে ক্ষান্ত নাথাকি পৰিয়ালৰ ওপৰতো চলায় আক্ৰমণ। আক্ৰমণত তেঁওৰ পত্নী, পুত্ৰ, কন্যাও আহত। ইতিমধ্যে ঘটনা সন্দৰ্ভত বগুৱান আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্হা গ্ৰহন কৰে সেৱা লক্ষণীয় হ’ব।

Leave A Reply