আইএছএলত (ISL) ক্রমাগত দ্বিতীয়বাৰ পৰাজয় নর্থ ইষ্ট ইউনাইটেডৰ (NEUFC)

0

নর্থ ইষ্ট ইউনাইটেডে (NEUFC) চলিত হিৰাে ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল ISL)ৰ নিজৰ দ্বিতীয়খন মেচতাে পৰাজয়ৰ সন্মুখীন হৈছে। বৃহস্পতিবাৰে সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হােৱা দলৰ ছিজনৰ প্ৰথমখন ঘৰুৱা মেচত বিগত বৰ্ষৰ চেম্পিয়ন হায়দৰাবাদ এফ চিয়ে ৩-০ ত পৰাস্ত কৰে। দুখন মেচত এয়া চাৰিটা গ’ল খালে নর্থ ইষ্ট ইউনাইটেডে। 

ইয়াৰপূর্বে বাংগালুৰু এফ চিয়ে ১-০ গ’লত পৰাস্ত কৰিছিল নর্থ ইষ্ট ইউনাইটেডক। উল্লেখ্য যে, গুৱাহাটীত নর্থ-ইষ্ট ইউনাইটেডে নিজৰ ৫০ নম্বৰ মেচখন খেলে যদিও অনুৰাগীক হতাশ কৰে। ইফালে, ছিজনৰ প্রথম মেচখনত মুম্বাই চিটীৰ লগত পইণ্ট ভগাই লােৱা হায়দৰাবাদে খেলখনত ভাল প্ৰদৰ্শন আগবঢ়াই। খেলৰ ১৩ মিনিটতে অ’গবেচে গ’ল কৰি হায়দৰাবাদক ১-০ ৰ অগ্রগতি দিয়ে । উল্লেখ্য যে, আইএছএলত অ’গবেচে নর্থ ইষ্টৰে পূর্ব ষ্টাইকাৰ আছিল। 

আইএছএলৰ নর্থ-ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখনাে গুৱাহাটীতে খেলিব। অহা ২০ অক্টোবৰত সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছু ষ্টেডিয়ামত হ’বলগা মেচত ঘৰুৱা দলটো মুখামুখি হ’ব লীগৰ উভয় মেচতে পৰাস্ত হােৱা কলকাতাৰ ইষ্ট বেংগলৰ। 

Leave A Reply