‘আৱাহন থিয়েটাৰ’ত ‘লভিতা’ৰ বন্ধৰ দাবীত মন্ত্ৰী বিমল বৰাক স্মাৰক পত্ৰ প্ৰদান

0

ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবৰ্ষত অসমৰ এক আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ‘আৱাহন থিয়েটাৰ’ৰ মঞ্চত মঞ্চস্থ হৈ থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকখনৰ এক বিকৃত উপস্থাপনক অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাক স্মাৰকপত্ৰ প্ৰদান কৰে সাংস্কৃতিক সাংবাদিক সন্থা, অসম’এ। শুকুৰবাৰে দিশপুৰস্থিত মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত সন্থা’ৰ হৈ সম্পাদক শিবাণু বৰা, কাৰ্যকৰী সভাপতি মৃণাল কুমাৰ বৰা আৰু সাংগঠনিক সম্পাদক হেমন্ত শৰ্মাই ‘ৰূপকোঁৱৰ’ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূল নাটকখনৰ পৰিৱৰ্তে অভিজিত ভট্টাচাৰ্য্য দ্বাৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবৰ্ষত অসমৰ এক আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ‘আৱাহন থিয়েটাৰ’ৰ নাটকখনক বিকৃতভাৱে উপস্থাপন কৰি থকা বিষয়টোক অতি কঠোৰভাবে ল’বলৈ স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনায়।

Leave A Reply