“ৰত্নাকৰ”ৰ পাছত যতীন বৰাৰ নতুন অসমীয়া চলচ্চিত্ৰ “ৰাঘৱ”ৰ মহুৰত

0

“ৰত্নাকৰ”ৰ পাছত যতীন বৰাই শুকুৰবাৰে জ্যোতি চিত্ৰবনত তেওঁৰ পৰৱৰ্তী ব্যয়বহুল ছবিৰ নাম ঘোষণা কৰে। জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দ্বিতীয়খন ছবিৰ নাম “ৰাঘৱ”। জনপ্ৰিয় অভিনেতা কপিল বৰাই আঁতধৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানটিত অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা শিল্পী বিদ্যা ৰাও, মলয়া গোস্বামী আৰু প্ৰাঞ্জল শইকীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰে “ৰাঘৱ”ৰ পোষ্টাৰ। আনহাতে, বিশিষ্ট ছবি বিতৰক তথা অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজক শংকৰলাল গোৱেংকাই কেমেৰাত মাল্যৰ্পন আৰু কেমেৰাৰ ছুইছ অন কৰাৰ লগতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে নাৰিকল ভাঙি আৰু জ্যেষ্ঠ অভিনেত্ৰী সীমা বিশ্বাসে ক্লেপষ্টিক দি ছবিখনিৰ মহুৰত সম্পন্ন কৰে।

যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাই প্ৰযোজনা কৰা ছবিখনি পৰিচালনা কৰিব যতীন বৰাই। মুখ্য সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ। সহকাৰী পৰিচালক হিচাপে থাকিব অনিন্দিতা কলিতা, ভাৰ্গৱ অধ্যাপক, সুৰজিৎ ফুকন আৰু অভিজিৎ চুতীয়া। সংগীত পৰিচালনা কৰিব জনপ্ৰিয় শিল্পী জুবিন গার্গে। ইতিমধ্যে জুবিন গাৰ্গ, দিগন্ত ভাৰতী আৰু ৰাহুল গৌতম শৰ্মাই “ৰাঘৱ”ৰ বাবে গীতসমূহ ৰচনা কৰিছে। ছাউণ্ড ডিজাইনাৰ দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম। লোকেশ্বন ছাউণ্ড বলেন পাঠকৰ। গুৱাহাটী, যোৰহাট, মেঘালয়, হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটী আৰু কাশ্মীৰৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ কৰিব চিনেমাটোগ্ৰাফাৰ প্ৰদীপ দৈমাৰীয়ে। ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ। এক্সন নিৰ্দেশনা ৰাজেশ কান্ননৰ। কলা নিৰ্দেশক জ্যোতিশংকৰ ভট্টাচাৰ্য। প্ৰযোজনা নিয়ন্ত্ৰক মনোজ মিশ্ৰ। ৰূপসজ্জাৰ দায়িত্বত থাকিব বিশ্ব কলিতা আৰু প্ৰশান্ত বৰা। সাজসজ্জা নৱনীতা শৰ্মা বৰাৰ বুলি জানিব পৰা গৈছে ।

“ৰাঘৱ”ৰ নাম ভূমিকাত অভিনয় কৰিব যতীন বৰাই। তদুপৰি ছবিখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিব ক্ৰমে- হিৰণ্য ডেকা, নিশিতা গোস্বামী, সিদ্ধার্থ নিপন গোস্বামী, নবাগতা চুমি বৰা, বিভূতি ভূষণ হাজৰিকা, চিন্ময় কটকী, পবিত্ৰ বৰুৱা, বিভাস সিনহা, ৰাজীৱ ৰজনীশ, জ্যোতিষ্মান কাশ্যপ, জীৱিতেশ মজুমদাৰ, ড° জয়ন্ত দাস, মিতালী বৈশ্য, ড° চিন্ময় চক্ৰৱৰ্ত্তী, অৱতোষ ভূঞা, মন্মথ বৰুৱা, মণ্টু দেউৰী, মানস শৰ্মা, দীপক ৰয়, জোৱান দত্ত, বিনোদ লাল দাস, চুমকি কছাৰী, পংকজ বৰা, ৰূপম চক্ৰৱৰ্তী, অন্তৰীক্ষ চহৰীয়া, দ্বিজেন লহকৰ শিশু শিল্পী প্রিয়ঙ্ক জ্যোতি কলিতা, মনীষ ভূঞা, নৱম আশিষ গোশ্বামী। উল্লেখ্য যে অহা বৰ্ষৰ অক্টোবৰত ছবিখনি চিত্ৰগৃহলৈ আহিব বুলি প্ৰযোজক-পৰিচালক যতীন বৰাই জানিবলৈ দিয়ে।

Leave A Reply