পুতলা পিষ্টলৰে তাণ্ডৱ চলাই বঙাইগাঁৱত এজন গ্ৰেপ্তাৰ

0

বঙাইগাঁও জিলাৰ যোগীঘোপাত পিষ্টলধাৰী যুৱকৰ তাণ্ডৱ । বুধবাৰে পুৱতি নিশা এঘৰত আক্ৰমণ কৰে এজন যুৱকে। যোগীঘোপাৰ কাবাইটাৰী চতুৰ্থ খণ্ড গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিচত পিষ্টলসহ যুৱকক আটক কৰে আৰক্ষীয়ে । পিষ্টলধাৰী যুৱকজন চামচুল হক।. নুহিদ আলীৰ পৰিয়ালক পিষ্টল দেখুৱাই দি আক্ৰমণ কৰে যুৱকজনে । জানিব পৰামতে, ঘৰুৱা অন্তকন্দলক লৈ সংঘটিত এই ঘটনা । যুৱকজনৰ আক্ৰমণত নুহিদ আলী আহত। স্থানীয় ৰাইজে আহতজনক উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ৰাইজে পিষ্টলধাৰী যুৱকজনকো আটক কৰি আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে উদ্ধাৰ কৰা পিষ্টলটো পুতলা পিস্তল বুলি জানিবলৈ দিছে।

Leave A Reply