Website Design: dastechnologies
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ শ্ৰী শ্ৰীলক্ষ্মী পূজাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী । শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনৰে সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ সভাপতি সত্য ভৰালীয়ে । তাৰ পাছত সমূহীয়া ভাবে সোণালী জয়ন্তী উপলক্ষে ৫০ খন পতাকা উত্তোলন কৰা হয় । বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি ৰজত চন্দ্ৰ বৈশ্যই । আনহাতে দিনৰ ১০ বজাত সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এক বিশাল বৰ্ণাঢ্য ধর্মীয় শোভাযাত্ৰা উলিওৱা হয় ।
পতাকা জোকাৰি শোভাযাত্ৰা মুকলি কৰে কাৰ্যকৰী সভাপতি কেশৱ কলিতা আৰু সমাজসেৱীকা ভাৰতী সিং কছাৰীয়ে । আনহাতে শোভাযাত্ৰাত ভাগ লোৱা শিশু , মহিলাকে ধৰি সাত শতাধিক লোকে জয় ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে ধৰ্মমূলক গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । । আনহাতে সন্ধিয়া অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত লক্ষ্মী পূজাৰ জন্মলগ্নৰে পৰা বর্তমানলৈকে জড়িত প্ৰাক্তন সভাপতি / সম্পাদক সকলৰ লগতে মৃত সকলৰ পৰিয়ালক ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয় । বৃক্ষৰোপন কাৰ্যসূচী, খানামুখ সমূহীয়া ভৱনটো উদ্ধোধন, পূৰ্ণাংগ নাট “চক্রবেহু” পৰিবেশন, উষা কীৰ্ত্তন , আয়তীৰ নাম কীৰ্ত্তন ইত্যাদি অনুংষ্ঠানৰ আয়োজন কৰা হৈছে।