পৰ্যটকৰ বাবে মুকলি হল পবিতৰা

0

দেশী বিদেশী পৰ্যটকৰ বাবে এটা খৰ্গ যুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ আনুষ্ঠানিক ভাৱে মুকলি ।
ফিটা কাটি নাৰিকল ভাঙি দ্বাৰ মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষহাজৰিকাই। সভাৰ আৰম্ভণিতে পবিতৰা শীৰ্ষক এটি সমবেত সংগীত পৰিবেশন কৰে মায়ং মহাবিদ্যালয়ৰ ছাত্ৰী সকলে।২০২২-২৩ পৰ্যটন বৰ্ষ ৰ বাবে কিছুদিন আগতেই মুকলি কৰিব লাগিছিল যদিও ইটোৰ পিছত সিটো বানে পবিতৰাৰ ভিতৰৰ বাট পথ সমুহ বোকাময় কৰি ৰখাৰ বাবে কিছু পলম হোৱা দেখা যায়। পবিতৰা মুকলি অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত, ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ, কেইবাজনো বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল।

Leave A Reply