শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীৰ উপস্থিতিত পথ সুৰক্ষা সজাগতাৰ গুৰুত্বপূৰ্ণ কৰ্মশালা

0

মহানগৰীৰ দুই শতাধিক শিক্ষানুষ্ঠানৰ অংশগ্ৰহণ

গুৱাহাটীঃ “অধ্যয়ন-আদৰ্শ-নিয়মশৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত দ্ৰুতবেগ দেখুওৱা ভাল, কিন্তু তাকে নকৰি ৰাষ্টাত চালকৰ আসনত বহি নিয়ন্ত্ৰণৰ বাহিৰত দ্ৰুতবেগী হ’বলৈ গ’লেই পয়মাল ” – এই মন্তব্য ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক পথ সুৰক্ষা সজাগতা কৰ্মশালাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে আজি আৰু কয় যে শিক্ষা দীক্ষাৰ বাবেই জীৱশ্ৰেষ্ঠ হোৱা মানুহে পথত যানবাহন চলাওঁতে সাধাৰণভাৱে মানি চলিবলগীয়া নিৰ্দেশনাসমূহ আওকাণ কৰা মানে নিজৰ লগতে আনলৈও বিপদ। সেয়ে তেওঁ মদ্যপান কৰি দ্ৰুতবেগত গাড়ী চলোৱা সকলক সকীয়াই দিয়াৰ লগতে স্কুলীয়া ছাত্ৰছাত্ৰীয়ে স্কুলবাছত পৰিবহণ কৰাৰ সময়ত যাতে সম্পূৰ্ণ সুৰক্ষিত যাতায়ত লাভ কৰে তাৰ বাবে সকলো বিদ্যালয় কতৃপক্ষক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় । উল্লেখ্য যে, পৰিবহণ বিভাগ, শিক্ষা আৰু কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত শনিবাৰে এক পথ সুৰক্ষা কৰ্মশালা আৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত পৰিবহণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীত শেহতীয়াকৈ সংঘটিত পথ-দুৰ্ঘটনাত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী নিহত হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহানগৰ খনত পৰিবহণত ব্যৱহৃত স্কুলবাছ সমূহে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগে জাৰি কৰা কঠোৰ নিৰ্দেশনাসমূহ সঠিকভাৱে মানি চলিছেনে নাই সেই সন্দৰ্ভত নিৰীক্ষণ কৰাৰ বাবে দিয়া নিৰ্দেশৰ ভিত্তিত অনুষ্ঠিত কৰ্মশালাত গুৱাহাটীৰ চৰকাৰী-বেচৰকাৰী দুশখনৰো অধিক শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে অংশগ্ৰহণ কৰে । কাৰ্যসূচী অনুসৰি পৰিবহণ মন্ত্ৰীকে ধৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজলন কৰাৰ পিছতে জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে আঁত ধৰা পথসুৰক্ষা সজাগতা কৰ্মশালাৰ উদেশ্য বাখ্যা কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। উদ্দেশ্য বাখ্যাত শ্ৰীদাসে কয় যে ছাত্ৰছাত্ৰীৰ জীৱনত শিক্ষকৰ প্ৰভাৱ অতুলনীয় । এখন সমাজ গঠনলৈয়ো অভূতপূৰ্ব বৰঙনি থকা শিক্ষকসমাজে ছাত্ৰছাত্ৰীক সুৰক্ষিত যাতায়ত প্ৰদান কৰাৰ উপৰি ৰাজ্যখনক দুৰ্ঘটনামুক্ত কৰাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে । সেয়ে তেওঁ বিদ্যালয়ৰ পাঠদানৰ মাজতে ছাত্ৰছাত্ৰীক পথসুৰক্ষাৰ নীতি নিৰ্দেশনা বিষয়ক পাঠদানো অব্যাহত ৰাখিবলৈ আহ্বান জনাই । ৰাজ্যিক পথসুৰক্ষা সমিতিৰ মুৰব্বী গৌৰৱ উপাধ্যায় কৰ্মশালাত উপস্থিত থাকি দেশৰ প্ৰগতিত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰে অৱদান উল্লেখযোগ্য বুলি মন্তব্য কৰি স্কুলবাছ পৰিবহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ সকলো ধৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়। লগতে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগে জাৰি কৰা নীতি নিৰ্দেশনা মানি চলিবলৈ শিক্ষানুষ্ঠান সমূহক আহ্বান জনায়। মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীৰ পথসুৰক্ষা বিষয়ক গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকি মহানগৰীৰ মূল পথৰ কাষতে থকা শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী সকলক পথ পাৰ হওঁতে সম্পূৰ্ণ সুৰক্ষা দিবলৈ আহ্বান জনোৱাৰ উপৰি নিজৰ বাহনযোগে সন্তানক পৰিবহণ কৰা অভিভাৱকে পথসুৰক্ষাৰ নীতি নিয়ম মানি চলিছেনে নাই সেয়া নিৰীক্ষণ কৰিবলৈ আহ্বান জনাই বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই। কৰ্মশালাখনৰ অন্যতম সন্মানীয় অতিথি তথা পৰিবহণৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰৱজ্যোতি হাজৰিকাই কয় যে শিক্ষানুষ্ঠানৰ বাহনৰ চালককে ধৰি পৰিবহণত জড়িত সকলো কৰ্মচাৰীৰে পথসুৰক্ষাৰ জ্ঞান থাকিব লাগিব । কিয়নো ছাত্ৰছাত্ৰীৰ নিৰাপত্তা সকলো সময়তে সুনিশ্চিত হ’ব লাগিব। শিক্ষানুষ্ঠানৰ এচেম্বলিৰ সময়ত মাহত দুবাৰকৈ পথসুৰক্ষা বিষয়ক আলোচনা আগবঢ়াই ছাত্ৰছাত্ৰীক সজাগ কৰিব লাগিব । ইফালে বাছযোগে ছাত্ৰ ছাত্ৰী কঢ়িওৱা বিদ্যালয় কতৃপক্ষয়ো এই কথা মনত ৰাখিব লাগিব যে ইয়াৰ বহুসংখ্যক অভিভাৱকৰে মাত্ৰ এজনেই সন্তান । সেয়ে প্ৰতিগৰাকী অভিভাৱককে সহযোগ কৰিবলৈ তেও আহ্বান জনায় । কৰ্মশালাখন পৰিচালনা কৰি জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে কয় যে অধ্যক্ষ, শিক্ষকসকলো অভিভাৱক । নিজৰ সন্তানৰ লগতে সকলো ছাত্ৰছাত্ৰীৰে তেওঁলোক অভিভাৱক। সেয়ে তেওঁলোকে শিক্ষাৰ্থীৰ পঢ়াশুনাৰ লগতে ৰাজপথৰ সুৰক্ষা সন্দৰ্ভতো অনবৰতে নিৰীক্ষণ কৰিব লাগিব । ইফালে কিছুমান অভিভাৱকৰ অন্ধ সন্তানপ্ৰীতিয়েও বহুসময়ত দুৰ্যোগ দুৰ্ঘটনা মাতি অনা বুলি মন্তব্য কৰি অভিভাৱককো সন্তানৰ পথসুৰক্ষা ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায়। সময়োপযোগী কৰ্মশালাখনত উপস্থিত থাকি শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত জৰ্ণা পাটগিৰি আৰু এডিচিপি ট্ৰেফিক মৌচুমী কলিতায়ো ছাত্ৰছাত্ৰীৰ পথসুৰক্ষা বিষয়ক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে কৰ্মশালাৰ মাজতে যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ আৰু নীতু চেতীয়াই পথসুৰক্ষা বিষয়ক দৃশ্যশ্ৰব্য প্ৰদৰ্শন কৰি অংশগ্ৰহণকাৰী সকলক উপকৃত কৰে ।

Leave A Reply