Website Design: dastechnologies
নগাঁও জিলাৰ বটদ্ৰৱাত মহিলাই কাটিলে এজন লোকৰ গুপ্তাংগ
নগাঁও: নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী ব্যক্তিৰ গুপ্তাংগ কাটিলে মহিলাই। ধৰ্ষণকাৰীৰ গুপ্তাংগ কাটি ন্যায় বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল মহিলাৰ।
জানিব পৰামতে, যোৱা ১ মাৰ্চত এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা কৰিছিল কদমনি গাঁৱৰ এজন লোকে।
মহিলা গৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে ব্যক্তি গৰাকীৰ গুপ্তাংগ চোকা অস্ত্রৰে কাটে বুলি মহিলা গৰাকীয়ে জানিবলৈ দিয়ে।
সম্প্ৰতি তেও সংকটজনক অৱস্থাত নগাঁৱত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
মহিলা গৰাকীয়ে ন্যায় বিচাৰি ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাৰৰ দাখিল কৰিছে।