ভাৰতীয় সাংবাদিক সংঘ, অসমৰ উদ্যোগত সাংবাদিক সন্মিলন সম্পন্ন

0

ভাৰতবৰ্ষৰ সংবাদকৰ্মীৰ বৃহৎ সংগঠন অল ইণ্ডিয়ান ৰিপৰ্টাৰ্চ এছোচিয়েশ্বন (ভাৰতীয় সাংবাদিক সংঘ) চমুকৈ এআইজেৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আজি ৫ মাৰ্চ ৰবিবাৰে গুৱাহাটী হাতীগাঁওৰ হোটেল ৰিভেৰাত এখনি সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। সন্মিলনত যোৱা ১৮ ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত গঠন হোৱা সংগঠনটোৰ ৰাজ্যিক সমিতিখনক স্বীকৃতি প্ৰদান কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংগঠনৰ ৰাজ্যিক সমিতিত অন্তৰ্ভূক্ত হোৱা বিষয়ববীয়া সকলক মনোনয়ন পত্ৰৰ লগতে পৰিচয় পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰি এই স্বীকৃতি প্ৰদান কৰে ৰাজ্যিক নেতৃত্বই । আজিৰ সভাত ৰাজ্যিক মূখ্য সাধাৰণ সম্পাদক পঙ্কজ নাথে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত সংগঠনটোৰ সভাপতি কিৰণ কুমাৰ গগৈ সমন্বিতে কাৰ্যকৰী সভাপতি উপেন কলিতাই সংগঠনটোৰ আগন্তুক কাৰ্যবলীৰ ওপৰত আলোকপাত কৰাৰ লগতে কিছু প্ৰস্তাৱ আগবঢ়াই। মূখ্যত সাংবাদিক সকলৰ নিৰাপত্তা সু নিশ্চিত কৰাৰ সমান্তৰালকৈ স্বাস্থ্য, সন্তানৰ শিক্ষা আদিৰ ক্ষেত্ৰত সুবিধা আহৰণৰ লক্ষ্যৰে ভাৰতীয় সাংবাদিক সংঘৰ অসম ৰাজ্যিক সমিতিয়ে কিছু প্ৰস্তাৱ গ্ৰহণ কৰে। আজিৰ এই সাংবাদিক সন্মিলনত অচিৰেই সাংবাদিক সকলৰ স্বাস্থ্য বীমাৰ কৰাৰ লগতে ব্যক্তিগত চিকিৎসালয় সমূহৰ লগত এক সংযোগ স্থাপনৰ জৰিয়তে চিকিৎসা ব্যয়ৰ ৰেহাইৰ ক্ষেত্ৰত এক বুজাবুজিৰ চুক্তি কৰাৰ প্ৰস্তাৱ লোৱা হয় । তদুপৰি সাংবাদিক সকলৰ সন্তানক আগশাৰীৰ শিক্ষানুষ্ঠানৰ অধ্যয়নৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণৰ প্ৰস্তাব লোৱা হয় আজিৰ সন্মিলনত। আজিৰ এই অনুষ্ঠানতে পহিলা ব’হাগত ৰাজ্যৰ ষাঠিৰ উৰ্ধৰ জেষ্ঠ সাংবাদিক সকলক সন্মান জনোৱাৰ লগতে সাংবাদিকৰ কল্যাণৰ্থে এটি ট্ৰাষ্টো গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আজিৰ এই সন্মিলনতে অহা জুন মাহত এখনি ৰাষ্ট্ৰীয় সাংবাদিক সন্মিলন অনুষ্ঠিত কৰাৰ বাবেও ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সকলৰ সৰ্বসন্মতি ক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক সংবাদকৰ্মী উপস্থিত থকা আজিৰ এই সন্মিলনত সংগঠনৰ সভাপতি কিৰণ কুমাৰ গগৈ, মূখ্য সাধাৰণ সম্পাদক পঙ্কজ নাথ, কাৰ্য্যকৰী সভাপতি উপেন কলিতা প্ৰমূখ্যে উপসভাপতি প্ৰমোদ মল, ৰীতা দেবী, উদ্দীপ্ত দুৱৰী, ৰমেন ডেকা , যুটীয়া সম্পাদক বলিন ডেকাকে আদি কৰি সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

Leave A Reply