কোনোবাই মাৰিলে আমিও গুলি মাৰিম – ডিজিপিৰ কঠোৰ স্থিতি

0

কোনোবাই গুলি মাৰিলে অসম পুলিচেও গুলিয়াব বুলি উল্লেখ কৰি উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহনৰ কথা জনালে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। সোমবাৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নত কয় যে, কোনোবাই গুলিয়ালে টো আৰক্ষীয়ে ওলোটাই গুলিয়াব লাগিব, সেইটোক এনকাউন্টাৰ বুলি কোৱা হয়। আনহাতে, বিগত বৰ্ষটোত এনকাউন্টাৰ বেছি হোৱা নাই বুলি উল্লেখ কৰি পুলিচ এক্সন হে হৈছে বুলি ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়ে।
ইফালে, ৰাজ্যখনত দৈনিক বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে যদিও ২০২২ বৰ্ষটোত পূৰ্বৰ তুলনাত অপৰাধ মূলক ঘটনা কম হোৱা বুলি উল্লেখ কৰে আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।
মহন্তই উল্লেখ কৰে যে অসম ৰাজ্যত প্ৰতি লাখ জনসংখ্যাত গড়ে ৩৬৬ টা গোচৰ থকা অপৰাধৰ হাৰ এতিয়া অসম আৰক্ষীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে প্ৰতি লাখ জনসংখ্যাত ২০০ টা গোচৰলৈ হ্ৰাস পাইছে, “২০২২ চনৰ শেষৰ ফালে গোচৰৰ পৰিমাণ ৫৮,৯০৮ টা লৈ হ্ৰাস পাইছে, যিটো ২০২২ চনৰ শেষত ৯৫,৯৯৪ টা গোচৰ আছিল। লগতে, তেও কয় যে ২০২১ চনৰ শেষত ৫২ টা গোচৰ প্ৰতি আই.ও.-ৰ বিপৰীতে গড়ে গোচৰৰ সংখ্যা ২৫ টালৈ হ্ৰাস পাইছে।”
তেওঁ লগতে কয়, “২০২২ চনত মহিলাৰ বিৰুদ্ধে অপৰাধ ১২,০৩৪ টা গোচৰলৈ হ্ৰাস পাইছে ।”

Leave A Reply