গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজাৰ আনন্দৰ মাজতেই ধুবুৰীত দুগৰাকীকৈ ছাত্ৰীৰ মৃত্যু

0

ধুবুৰীৰ জি টি বি পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ফলত দুগৰাকী কিশোৰী নিহত হোৱাৰ লগতে আন ৫ জনকৈ লোক আহত হয়। সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱসৰ দিনটোতে সংঘটিত হয় এই ঘটনা।

জানিব পৰামতে, ২৬ জানুৱাৰীত ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা দুখনকৈ মটৰ চাইকেল আৰু এখন ট্ৰাকত খুন্দিয়াই।
ফলত ভাঙি চুৰমাৰ হোৱা বাহনত থকা সাত গৰাকী ছাত্ৰ ছাত্ৰী গুৰুতৰ ভাবে আহত হয়। গুৰুতৰ ভাবে আহত অৱস্থাত গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে স্থানীয় লোক সকলে।
আহত আটাইকেইজনক সংকটজনক ধুবুৰী DMCH ত ভৰ্তি কৰোৱা হৈছে। যদিওঁ ইয়াৰে নিহত হয় দুগৰাকী ছাত্ৰী । নিহত দুয়োৰে ঘৰ গৌৰীপুৰৰ এক নং ৱাৰ্ডত।
আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। দুয়োৰে অৱস্থা অধিক সংকটজনক।
উল্লেখ্য যে, ৰাজপথৰ কাষত ৰৈ থকা ট্ৰাকৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে।

Leave A Reply