মানৱ সভ্যতা ঢাকি পেলাব প্লাষ্টিক আবর্জনাই

0

অনন্ত কলিতা: বিশ্বজুৰি প্ৰতি বছৰে পাঁচ জুনৰ দিনটোত ‘বিশ্ব পৰিবেশ দিৱস’ পালন কৰা হয়। এই দিৱসটোৰ মূল উদ্দেশ্য বিশ্বৰ সমস্ত মানুহক পৰিবেশ সম্পর্কে সচেতন কৰা আৰু ৰাজনৈতিকভাবে প্রত্যেকখন দেশতে প্ৰকৃতি আৰু সংৰক্ষণৰ বিষয়ত এক দায়িত্বশীল ভূমিকা পালন কৰা । প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ পৰিকল্পনা বিভাগে ‘বিশ্ব পৰিবেশ দিৱসৰ এটা মূল বিষয়বস্তু বা ‘থিম’ (theme) নিৰ্ধাৰণ কৰে। ২০২৩ চনৰ পৰিবেশ দিৱসৰ ‘থিম’ বা বিষয়বস্তু নিৰ্ধাৰণ কৰিছে ‘প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰক’ (Beat Plastic Pollution ) | মানুহে প্লাষ্টিক ব্যৱহাৰৰ ফলত প্ৰদূষণকে ধৰি পৃথিৱীৰ মাটি, পানী আদি সকলো এক ভয়াবহ পৰিণতিৰ দিশত আগবাঢ়িছে।

পৃথিৱীত প্লাষ্টিকৰ ব্যৱহাৰ দিনে দিনে বৃদ্ধি পাইছে, যিটোৱে বিশ্বৰ পৰিবেশ দূষিত কৰাত মাৰাত্মক প্ৰভাৱ পেলাইছে। প্লাষ্টিক বিচিত্রবিহাৰী। প্লাষ্টিকৰ পৰা মানুহক বিচ্ছিন্ন কৰাৰ কথা আজিৰ দিনত হয়টো ভাবিবই নোৱাৰি। আমাৰ ব্যৱহাৰিক জীৱনৰ প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰতে প্লাষ্টিকে অনুপ্রবেশ কৰে। প্লাষ্টিকক ইচ্ছামতে নানা ধৰণৰ চেহেৰা দিয়া যায়। কিন্তু এই প্লাষ্টিকে পৰিবেশ দূষিত কৰাত মাৰাত্মক ভূমিকা লয়। যিকোনো প্লাষ্টিক পলিমাৰ’ৰ পৰা তৈয়াৰ কৰা যায়। প্লাষ্টিকৰ নানান বৈশিষ্ট্য আৰু গুণাগুণ অনাৰ প্ৰয়োজনত ‘পলিমাৰ’ৰ লগত নানা ধৰণৰ ৰাসায়নিক পদার্থ মিহলি কৰা হয়, যিটোক কোৱা হয় ‘এডিটিভ’। এই এডিটিভবোৰে প্লাষ্টিক আৰু বিপজ্জনক কৰি তোলে । কাৰণ পলিমাৰ লগত ৰাসায়নিকৰ অতি অদৃঢ় মিশ্ৰণৰ ফলত এই ক্ষতিকাৰক ৰাসায়নিকবোৰ অতি সহজেই বাহিৰ হৈ আহিব পাৰে । খোৱাবস্তুৰ লগত এইবোৰ নানাপ্ৰকাৰে মিহলি হৈ যাব পাৰে। তদুপৰি প্লাষ্টিক পুৰিলে উৎপন্ন হয় ফিউবানেৰ নিচিনা বিষাক্ত গেছ, যিবোৰ মানুহৰ বাবে মাৰাত্মক ক্ষতিকাৰক ।

প্লাষ্টিকে স্থলভাগৰ লগতে জলভাগকো দুষিত কৰি দ্ৰুতগতিত বিষাক্ত কৰি আছে। পৃথিৱীৰ কোনো বেক্টেৰিয়া বা কাঠফুলৰ এনেকুৱা শক্তিশালী এনজাইম নাই যিয়ে ভাঙিব পাৰে প্লাষ্টিকৰ অণু। সেয়েহে পেলাই দিয়া প্লাষ্টিক মাটিত মিহলি হৈ নাযায়। অবিকৃত অৱস্থাত থাকি যায় বহু শ বছৰ ধৰি । যিমান দিন আমি অতিক্রম কৰিছোঁ সিমানেই মানুহক গ্রাস কৰি পেলাইছে এই প্লাষ্টিক বজাই । বিশ্বজুৰি মাৰাত্মকভাবে বৃদ্ধি পাইছে প্লাষ্টিক দূষণ। মানৱ জাতিৰ ভয়ংকৰ বিপদৰ আশংকাৰ পটভূমিতে এই বছৰ ৰাষ্ট্ৰসংঘই বিশ্ব পৰিবেশ দিৱসৰ থিম ‘প্লাষ্টিক দূষণ প্ৰতিৰোধ কৰক’ (Beat Plastic Pollution) ৰাখিছে। আজি বিশ্বত মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত প্লাষ্টিক দূষণ ৰোধ কৰাটো ইমান জৰুৰী হৈ পৰিছে যে ২০১৮ চনৰ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ দিৱসৰ থিমো আছিল ‘প্লাষ্টিক দূষণ পৰাভূত কৰক।

প্লাষ্টিক উৎপাদনৰ ইতিহাস হ’ল ১৯৩০ চন। স্কাইৰিণ, ভিনাইল ক্ল’ৰাইড আৰু ইথিলিনৰ নিচিনা কিছুমান মিনোমাৰ ৰে তৈয়াৰ হৈছিল ধার্ম প্লাষ্টিক।  প্লাষ্টিক শিল্পৰ বিকাশ আজিৰ নিচিনা ১৯৬০ দশকৰ আগত হোৱা নাছিল। ১৯৭৩ চনৰ পৰাই এক বিশেষ মাত্ৰাত উৎপাদিত হ’বলৈ ধৰে। বছৰত প্রায় কোটি টন প্লাষ্টিক উৎপাদন হৈ থাকে, ১৯৯০ চনত এই উৎপাদন বৃদ্ধি হয় ৮ কোটি ৬০ লাখ টনলৈ। বৰ্তমান বছৰি ৪০ কোটি টিন উৎপাদন হয়। ইয়াৰে মাত্ৰ এৰ পৰা ১০ কোটি টনহে নবীকৰণ (ৰিচাইকল) কৰা হয়। ১৯৫০ চনৰ পৰা আজিলৈ ১০০ কোটি টন প্লাষ্টিক উৎপাদন কৰা হৈছে। ইয়াৰে ৭৬ শতাংশ আবর্জনাত পৰিণত হৈছে। বিশ্ব পৰিৱেশৰ প্ৰতিবেদনত কৈছে যে ১৯৫০ চনৰ পৰা ২০১৫ চন পর্যন্ত প্লাষ্টিক উৎপাদন বৃদ্ধিৰ হাৰ ৮.৬ শতাংশ। ইমান পৰিমানৰ বৃদ্ধিৰ হাৰ আন কোনো ৰাসায়নিকত ঘটা নাই। প্লাষ্টিক ব্যৱহাৰৰ এই প্রক্রিয়া চলি থাকিলে আৰু ইয়াক ৰোধ কৰিব নোৱাৰিলে এদিন। সমস্ত মানৱ সভ্যতাক ঢাকি পেলাব প্লাষ্টিকৰ আবৰ্জনাই।

বিজ্ঞানীসকলে হিচাপ কৰি দেখিছে যে বর্তমানে প্রতি বছৰে মানুহে ব্যবহাৰ কৰা ৪০০ নিযুত টন প্লাষ্টিকৰ ১৪ নিযুত টন প্লাষ্টিকৰ অন্তিম আশ্রয় সমুদ্র। প্লাষ্টিকৰ বটল অক্ষত থাকি যায় অনন্ত কাললৈ। এই বিপুল পৰিমাণ অক্ষত প্লাষ্টিকে ২২৭০ সামুদ্রিক প্রজাতিক প্রত্যক্ষভাবে ক্ষতিগ্রস্ত কৰে। ‘দ্য গার্ডিয়ান’ কাকতত এথেল কেন্দ্রিক পেলাগোজ কেটাছিয়ান বিছাৰ্চ ইনষ্টিটিউটৰ প্ৰতিবেদন অনুযায়ী সামুদ্রিক তিনি আৰু আন মাছৰ পেটত পাক খাই থাকে ডাঙৰ ডাঙৰ প্লাষ্টিক, যিসমূহ মাছ মানুহে ভক্ষণ কৰে। ইয়াৰ দ্বাৰা মানুহৰ পেটলৈ সোমাই যায় আণুবীক্ষণিক প্লাষ্টিকৰ কুণ্ডলী বা মাইক্র প্লাষ্টিক ছিপছ। অবাক লাগে যে ভাৰতত একবাৰ ব্যৱহাৰ কৰি প্লাষ্টিক পেলাই দিয়া হয়, তেনেকুৱা প্লাষ্টিক বেগ সমগ্র বিশ্বত প্ৰতি বছৰে ব্যৱহাৰ হয় ৫০,০০০ কোটি, অর্থাৎ প্রতি মিনিটতে প্রায় এক কোটি। সমগ্র বিশ্বত অঞ্চল নানান ব্ৰেণ্ডৰ ঠাণ্ডা পানীয় প্লাষ্টিকৰ বটলতে বিক্ৰী হয়, প্রতি মিনিটত প্রায় ১৫ লাখ। পৃথিৱীত আটাইতকৈ অধিক পৰিমাণৰ প্লাষ্টিক ব্যৱহাৰ কৰে আমেৰিকাই, জনমুৰি ২২১ কিলোগ্রাম (২০১৯)।

উৎপাদিত প্লাষ্টিকবোৰৰ ১৪ শতাংশ ইনছিনাটেত জ্বলাই দিয়া হয়, যাৰ দ্বাৰা ফিউবানের নিচিনা মাৰাত্মক বিষাক্ত গেছৰ পৰা ভয়ংকৰ বায়ুদূষণ হয়। ৪০ শতাংশ প্লাষ্টিক যায় মাটিৰ লগত মিহলি হৈ যিটোৱে বিশেষকৈ কৃষিজমিত সমস্যাৰ সৃষ্টি কৰে। বাকী ৩২ শতাংশৰ ঠাই হ’ল সমুদ্র। ভাৰত প্ৰতি বছৰে ৩৪ লাখ টন প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হয়।

ইয়াৰে অতি ক্ষুদ্রাংশহে পুনর্নবীকৰণ কৰে। পলিষ্টাইৰিণঃ পলিষ্টহিৰিণৰ প্ৰাথমিক কেঁচামাল হ’ল ষ্টাইৰিণ। টাইৰিণ তৈয়াৰৰ সময়ত উপজাত হিচাপে বাহিৰ হৈ আহে বেঞ্জিন, ১-৩ বিউটাডিন, কার্বন টেট্রাক ‘বাইড, এ মিয়াম অক্সাইড। এইবোৰ কাচিনোজেন বা কেন্সাৰ বেমাৰ উৎপাদক। পলিভিনাইল ক্ল’ৰাইড (পিভিটি) এইটো তৈয়াৰ কৰে ভিনাইল ক্ল’ৰাইড মনোমাৰৰ (ভিচিএম) পৰা। এইটোও ভয়ানক ক্ষতিকাৰক। যকৃত, মস্তিষ্ক আৰু হাঁওফাওঁৰ টিউমাৰ আৰু গেছট্টিক হোৱাৰ অন্যতম কাৰণ। এই ডিচিত্রম’ পিভিটি উৎপাদনৰ সময়ত ব্যৱহাৰ হয় এক অতি বিষাক্ত পদার্থ। নাম টেট্রাহাইড্ৰে ফুৰান। কোনোভাবে এই ৰাসায়নিক শৰীৰত সোমালে চকু, নাক, শ্বাসনলীত মাৰাত্মক পোৰণিৰ সৃষ্টি কৰি যন্ত্ৰণা দিয়ে। কেন্দ্রীয় স্নায়ুতন্ত্র, লিভাৰ আৰু বুকুৰ মাৰাত্মক ক্ষতি কৰে এই পদার্থই। পিভিচি পুৰিলে উৎপত্তি হয় অত্যন্ত বিষাক্ত ডায়ক্সিন আৰু অন্যান্য অর্গানোৰ কি ।

পলিইথিলিন টেৰেফথালেট (পট) : ইয়াৰ পৰা বাহিৰ হৈ আহে এছিট্যালডিহাইড আৰু ভি ই এইছ পি। এহিট্যালডিহাইড জলীয় দ্রব্য। চোদা বটল, পানীৰ বটল আৰু খোৱা তেলৰ বটল পেটৰে তৈয়াৰ কৰে আৰু সেই দ্রব্য মিহলি হৈ যায় এডিট্যালডিহাইডৰ লগত। এই এচিট্যালডিহাইডে কেলাৰ বেমাৰ কৰাত আহিণা যোগায়। চকু, ছাল আৰু শ্বাসনলীত পোৰণিৰ সৃষ্টি কৰে এই এহিটালডিহাইডে। ডি ই এইছ পিয়ে মাইকী মানুহৰ ইছট্ৰ’জেন হৰমনৰ কামত ব্যাঘাট সৃষ্টি কৰে। ইয়াৰ লগতে সৰু ল’ৰা-ছোৱালীৰ হাপানী আৰু এলাৰ্জিৰ সৃষ্টি কৰে। এই ডি ই এইছ পিয়ে যকৃত, বৃক্ক, প্লীহা আৰু হাৰৰ বৃদ্ধিত ব্যাঘাট জন্মায়।

পলিইথিলিন (পিই) : পলিইথিলিন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে কেইটামান বিষাক্ত ৰাসায়নিক পদার্থ, যেনে– বেঞ্জিন, ক্র মিয়াম অক্সাইড, কিউমিন হাইড্ৰ পাৰ অক্সাইড আৰু টাৰ্ট-বিউটাইল হাইড্ৰ’পাৰ অক্সাইড। পলিইথিলিন উৎপাদন স্থলত কৰ্মীসকলৰ মাজত দেখা দিব পাৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নানা সমস্যা, মুৰৰ যন্ত্ৰণা, ক্লান্তি, নিদ্রাহীনতা, বমি বমি ভাব, দুর্বলতা, তেজত অক্সিজেন হ্রাস, শ্বাসগ্ৰহণৰ সমস্যা, যকৃতৰ সমস্যা ইত্যাদি। পলিইথিলিনত এডিটিভ হিচাপে ব্যৱহাৰ কবে ছীছা আৰু কেন্দ্রনিয়াম (Cadmium)। ডায়াবেটিছ উচ্চ ৰক্তচাপ, কাৰ্ডিঅ ভাস্কুলাৰ ৰোগ বৃদ্ধি কৰিবলৈ সাহায্য কৰে কেডমিয়ানে। কেন্দ্রীয় স্নায়ুতন্ত্রৰ ডিপ্লেচন, অসচেতনতা, শ্বাস কষ্ট, হার্ট-এটাক, খজুৱতি এইবোৰৰ কাৰণ হ’ব পাৰে ছীহা। বুক কলাব ক্ষয়, নেফ্রাইটিক আদিৰ সৃষ্টি করে কেডমিয়ামে। তদুপৰি ডায়াবেটিছ, উচ্চ ৰক্তচাপ, কড়িঅ ভাস্কুলাৰ ৰোগ বাঢ়ি যোৱাত সাহায্য কৰে এই কেডমিয়ামে। সেয়ে ৰঙীন কেৰিবেগ ব্যৱহাৰো অতি ক্ষতিকাৰক। পলিইথিলিন জ্বলালে ইয়াৰ পৰা বাহিৰ হয় ডায়ক্সিন, ফমেলডিহাইড আৰু এছিটালডিহাইডৰ নিচিনা বিষাক্ত পদার্থ। এইবোৰ সহজে মিহলি হৈ যায় বতাহৰ লগত। এই বিষাক্ত বতাহ আমি উশাহ লওঁতে আমাৰ দেহৰ ভিতৰলৈ যায়। মাটি আৰু ভূগৰ্ভৰ পানীক দূষিত কৰিছে এই পলিইথিলিনে।

বিপুল পৰিমাণৰ প্লাষ্টিক উৎপাদনকাৰী বহুজাতিক কোম্পানীবোৰক যদি নিয়ন্ত্রণ কৰা নহয় সর্বব্যাপী দূষণ হাতৰ পৰা আমি নিস্তাৰ নাপাম প্লাষ্টিক আৱৰ্জনাৰ বাবে যি বিপুল পৰিমাণৰ গ্ৰীণ হাউছ গেছ সৃষ্টি হয় ইয়াৰ ক্ষতিৰ পৰিমাণ প্রায় ৫০ বিলিয়ন ডলাৰ ।

গুৱাহাটীত সকলো নলাবোৰে প্লাষ্টিকৰে ভর্তি।  নদী আৰু আন আন জান-জুৰি প্লাষ্টিকেৰে ভৰ্তি কৰি দিছে। নাগৰিকৰ সচেতনতা নাই যে প্রাঠিক এইদৰে নিক্ষেপ কৰিলে বায়ু দুষণৰ উপৰি নলাবোৰ বন্ধ, চহৰত কৃত্ৰিম বানপানী সৃষ্টিৰ অন্যতম কাৰণ হৈ পৰে। প্লাষ্টিকৰ বিকল্প সামগ্ৰী আমি ব্যৱহাৰ কৰিব পাৰো। যিদৰে ১৯৬০ বা ১৯৫১ চনৰ আগতে মানুহে প্লাষ্টিক বস্তু

ব্যৱহাৰ নকৰিছিলেই, আমি সেই যুগলৈ উভতি যাব পাৰোঁ। ‘আমি প্লাষ্টিকৰ সামগ্ৰীৰ সলনি বাতু নির্মিত কাপ, কাগজ বা গছৰ পাতৰ প্লেট পুৰণি পেকেজিঙৰ কাৰণে কাগজৰ বাকচ, পুৰণি কাপোৰ ব্যৱহাৰ কৰিব পাৰোঁ। শিশুসকলৰ প্লাষ্টিকৰ ফিডিং টেল, প্লাষ্টিকৰ পুতলা খেলৰ বস্তু, পানীৰ পাইপৰ পৰিৱৰ্তে কাপোৰ, চামৰা, কাঠ, চিমেণ্ট, ষ্টিল, আইনা আদিৰে নিৰ্মাণ কৰিব পাৰোঁ। পানীৰ বটল, ছট ড্রিংক, ফলৰ ৰস বিভিন্ন বস্তু ভৰাবলৈ প্লাষ্টিকৰ বটলৰ পৰিৱর্তে আইনাৰ বলৈ ব্যৱহাৰ কৰিব পাৰোঁ। প্লাষ্টিকৰ কেৰি- বেগ, পেকেজিং বেগৰ পৰিৱৰ্তে কাগজ, কাপোৰ বা মৰাপাটৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ। প্লাষ্টিকৰ বাল্টিং তথা গৃহস্থালিৰ কামত ব্যৱহাৰ হোৱা বিভিন্ন প্লাষ্টিক সামগ্ৰীৰ পৰিৱৰ্তে আইনা, টিন, ষ্টিল, বাঁহ, পিতল আদিব সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ। বর্তমান বস্তু বা খৈলাবোৰ প্লাষ্টিকেৰে তৈয়াৰ কৰে। আগৰ দিনত বস্তাবোৰ মৰাপাটৰ আছিল । প্লাষ্টিকৰ বস্তা নিষিদ্ধ কৰি মৰাপাটৰ বস্তা প্ৰৱৰ্তন কৰিব লাগে, এইদৰে ক্ৰমে ক্ৰমে প্লাষ্টিকৰ ব্যৱহাৰ কমাই আনিব পাৰিলে মানর জাতিয়ে ভয়ানক বিপদৰ পৰা মুক্তি পাব। দেশৰ চৰকাৰবোৰেও এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

প্লাষ্টিকে মানৱ জাতিলৈ যি মাৰাত্মক বিপদ কঢ়িয়াই আনিছে সেই পটভূমিতে ২০১৮ চনতে ৰাষ্ট্ৰসংঘই প্লাষ্টিক বৰ্জনৰ বাবে মানুহক সচেতন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু প্লাষ্টিক বর্জনৰ ক্ষেত্ৰত দেশবোৰে ব্যবস্থা লোৱা নাই আৰু মানুহবোৰ সচেতন হোৱা নাই, সেইবাবে পুনৰাই এই বছৰ (২০২৩) ‘বিশ্ব পৰিবেশ দিবস’টোৰ থিম ‘প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক ৰাখিছে। বিশ্বৰ মানুহক পুনৰাই মনত পেলাই দিবলৈ প্লাষ্টিক দূষণৰ ভয়াবহতা সম্বন্ধে সচেতন হ’বলৈ আৰু ইয়াৰ লগতে মাত্র একবাৰ ব্যৱহাৰ কৰি পেলাই নিদি পুননৱীকৰণৰ দ্বাৰা বাৰ বাৰ ব্যৱহাৰ কৰিবলৈ প্ৰত্যেকজন নাগৰিকে মানৱ জাতিৰ ভৱিষ্যতৰ চিন্তা কৰি ক্ৰমে ক্ৰমে প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰিব লাগে। ভাতত কেন্দ্রীয় চৰকাৰেও প্লাষ্টিক উৎপাদনকাৰী বহুজাতিক কোম্পানীবোৰক প্লাষ্টিক উৎপাদন ক্রমে ক্রমে সীমিত কৰি বন্ধ কৰাব লাগে। প্লাষ্টিক যিহেতু পেট’-ৰসায়নৰ নিচিনা জীবাশ্ম জ্বালানিৰ পৰাই প্লাষ্টিক তৈয়াৰ কৰে, সেয়ে জীবাশ্ম জ্বালানি উৎপাদক সংস্থাবোৰক বিপুল ৰাজসাহাৰ্য্য দিয়ে চকাৰবোৰে। ইয়াৰ দ্বাৰাই প্লাষ্টিক উৎপাদনতে পৰোক্ষভাৱে ৰাজসাহায্য দিয়া হয়। এই ৰাজসাহায্য বন্ধ কৰিব লাগে। ২০১৫ চনত জীৱাশ্ম জ্বালানি উৎপাদন কোম্পানীবোৰে ৫.৩ মিলিয়ন ডলাৰ ৰাজসাহায্য পাইছে। বর্তমান পুঁজিবাদী চৰকাৰবোৰে বহুজাতিক কোম্পানীৰ গাত হাত দিব নোখোজে। বিশ্বত প্লাষ্টিক প্রদূষণ বন্ধ কৰাৰ মুখ্য সমস্যা হ’ল পুঁজিবাদী চৰকাৰবোৰে প্লাষ্টিক উৎপাদন কৰা বহুজাতিক কোম্পানীবোৰক প্লাষ্টিক উৎপাদন বন্ধ কৰিবলৈ কঠোৰ স্থিতি লোৱাৰ সাহস নাই।

প্লাষ্টিকৰ ভূতে বিশ্বৰ মানুহক বিভাৱে ধৰিছে ইয়াৰ পৰা ওলাই অহা খুবেই কঠিন হৈ পৰিছে। প্লাষ্টিক উৎপাদনকাৰী বহুজাতিক কোম্পানীবোৰক প্লাষ্টিক উৎপাদন বন্ধ কৰাৰ পদক্ষেপ ল’বলৈ চৰকাৰবোৰক বাধা কৰাবলৈ জনমত গঢ়ি তুলিব লাগিব। বুনিয়াদী কথা হ’ল প্লাষ্টিকৰ সৰ্বনশীয়া চৰিত্ৰ সম্বন্ধে জনসাধাৰণ সচেতন হ’ব লাগিব।

Leave A Reply