পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ নতুন সঞ্চালক নিযুক্তি

0


গুৱাহাটী, ১৫ অক্টোবৰ: সূৰ্য্য গোল্ড চিমেন্ট আৰু সূৰ্য্য কংক্রিট উদ্যোগ নিৰ্মাতা পূৰ্বাঞ্চল চিমেন্ট লিমিটেডে আজি বেদান্ত আগৰৱালক নৱনিযুক্ত পৰিচালন সঞ্চালক হিচাপে ঘোষণা কৰিছে।

বেদান্ত আগৰৱালে গৃহনির্মাণ ক্ষেত্রখনৰ সৰ্বোচ্চ বিশ্বাসযোগ্যতাৰ অন্য নাম বিশ্বস্ত সূৰ্য্য গোল্ড চিমেন্ট আৰু সূৰ্য্য কংক্রিট উদ্যোগৰ সামগ্রিক উন্নয়ন তথা ব্যবসায়িক বিস্তাৰৰ লগতে উদ্যোগটোৰ নিজস্বতা ৰক্ষাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিব বুলি জানিবলৈ দিয়ে । পৰিচালন সঞ্চালক গৰাকীৰ কাৰ্য্যকালত পূর্বাঞ্চল চিমেন্ট লিমিটেডে এক আশাব্যঞ্জক নতুন ব্যবসায়িক অধ্যায়ৰ সূচনা বিচাৰিছে বলি উল্লেখ কৰে।

পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ নৱনিযুক্ত পৰিচালন সঞ্চালক বেদান্ত আগৰৱাল প্ৰতিষ্ঠানটোৰ সৰ্বতোপ্ৰকাৰ বিকাশৰ পৰিকল্পনাৰে কয় যে, পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ ক্ৰমবিকাশৰ বাটত এই সময়খিনি মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব”।

Leave A Reply