খিলঞ্জীয়া জনগণলৈ মহাসংঘৰ আকুল আহ্বান

0

তেজপুৰ :  প্ৰথম বাৰৰ বাবে ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত  অসম সন্মিলিত মহাসংঘৰ নেতৃত্বত পৰিচালিত ৪টা গুৰুত্বপূৰ্ণ গোচৰৰ নিৰৱচ্ছিন্ন শুনানী অনুষ্ঠিত হ’ব ১৭ অক্টোবৰৰ পৰা । অসম সন্মিলিত মহাসংঘই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰি কয় যে অসম ভাৰতৰ এখন উপনিৱেশ হয় নে নহয় সেই কথাও এইবাৰ প্ৰতিপন্ন হ’ব । ভাৰতৰ সংবিধান অনুসৰি বিদেশীৰ চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯ জুলাই ১৯৪৮ চন । কিন্তু ভাৰত স্বাধীন হোৱাৰ সময়ত হোৱা অনাহুত সাম্প্ৰদায়িক সংঘৰ্ষ আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু পাকিস্তানৰ প্ৰধান মন্ত্ৰী লিয়াকত আলি খানৰ মাজত হোৱা ১৯৫০ চনৰ ৮ এপ্ৰিলৰ ‘নেহৰু-লিয়াকত চুক্তি’ কাৰ্যকৰী কৰাৰ হেতু লোৱা সময়ৰ বাবেই ভাৰতে স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছতহে প্ৰথম লোক পিয়ল কৰিছিল ১৯৫১ চনত । সেয়ে তথ্যৰ বাবে বিদেশীৰ চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ বুলি ধৰা হয় আৰু এইয়া অসমৰ বাহিৰে ভাৰতৰ সকলো ৰাজ্যতে কাৰ্যকৰী হৈ আছে । ২০০৫ চনৰ ১২ জুলাইত ছুপ্ৰিম কৰ্টৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ আৰ চি লাহতি, ন্যায়াধীশ জি পি মাথুৰ আৰু ন্যায়াধীশ পি কে বালা সুব্ৰমনিয়ণেৰে
গঠিত ৩ জনীয়া বিচাৰপীঠে অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিয়া আই এম ডি টি আইন অ-সাংবিধানিক বুলি বাতিল কৰাৰ নিৰ্দেশত কৈছিল যে –“অসমলৈ অহা অবৈধ বিদেশীবোৰ নীৰৱ আগ্ৰাসনকাৰী আৰু আভ্যন্তৰীণ বিশৃঙ্খলা সৃষ্টিকাৰী লোক …..”।
The Verdict says “…illegal migrants have Threat to the integrity and security of the Northeast Region….”. ” illegal migrants from Banglades, which runs in to millions, is in faction AGGRESSION on the State of Assam and has also contributed significantly an causing serious Internal disterbances in the shape of insurgency of alarming proportion making the life of people of Assam wholly insecure and panic generated there by has created a fear psychosis. …”
এই ৰায় ছুপ্ৰিম কৰ্টে দিয়াৰ পাছটো বিদেশীৰ ৰক্ষক বাবেই আছু আৰু অগপই খিলঞ্জীয়া জনগণৰ সুৰক্ষাৰ বাবে ২০০৫ চনৰ পৰা একো ব্যৱস্থাই গ্ৰহণ নকৰিলে বুলি গভীৰ আক্ষেপ প্ৰকাশ কৰে  ছুপ্ৰিম কৰ্টত গোচৰ চলাই থকা প্ৰধান গোচৰীয়া তথা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে  । সংবাদ মেলত বিদেশীৰ সন্তানক নাগৰিকত্ব দিয়াৰ বিৰোধীতা কৰি ছুপ্ৰিম কৰ্টত গোচৰ চলাই থকা ৩১১/২০১৫ নং গোচৰৰ গোচৰীয়া অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ককায়েক দিপক কুমাৰ নাথ, কেৱল হিন্দু বিদেশীক নাগৰিকত্ব দিব খোজা জাননীখনৰ বিৰোধীতা কৰি ছুপ্ৰিম কৰ্টত গোচৰ চলাই থকা ৬৮/২০১৬ নং গোচৰৰ গোচৰীয়া ডাক্টৰ বিশ্বৰঞ্জন কলিতা( অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক) আৰু প্ৰণৱ কুমাৰ মজুমদাৰে(অৱসৰপ্ৰাপ্ত অধ্যক্ষ)
আই এম ডি টি আইন বাতিলৰ বাবে ছুপ্ৰিম কৰ্টত গোচৰ তৰা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ সুৰক্ষাৰ স্বাৰ্থত সংবিধান সন্মত ভিত্তি ১৯৫১ৰ পক্ষত ছুপ্ৰিম কৰ্টত শপতনামা দাখিল কৰিবলৈ মহাসংঘই অনুৰোধ জনায় ।
ছুপ্ৰিম কৰ্টে বিদেশীক আগ্ৰাসনকাৰী বুলি ঘোষণা কৰাৰ পিছটো বিদেশী ৰাষ্ট্ৰ বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰা তাৰিখ ১৯৭১ চনৰ ২৪ মাৰ্চলৈ প্ৰায় ৮০ লাখ অবৈধ বাঙালী হিন্দু-মুছলমান বিদেশী আৰু নেপালী বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ পক্ষত আছু, অগপ আৰু অসম সাহিত্য সভাই অৱস্থান গ্ৰহণ কৰি থকা কাৰ্য অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক তথা জাতি ধ্বংসৰ কাৰণ বুলিও সমালোচনা কৰে । অসম আন্দোলনত  ৮৫৫ গৰাকী শ্বহীদে আত্মবলিদান দিছিল ১৯৫১ ভিত্তি বছৰ কাৰ্যকৰী কৰাৰ বাবেহে । আন্দোলনৰ নেতৃত্বই ৰাজনৈতিক হেঁচাত পৰি বাংলাদেশৰ স্বাধীনতা ঘোষণাৰ তাৰিখ ১৯৭১ চনৰ ২৪ মাৰ্চলৈ অবৈধ বিদেশীক নাগৰিকত্ব দিবলৈ ভাৰত চৰকাৰৰ সৈতে সমাধানৰ স্মাৰক পত্ৰ(অসম চুক্তি) সম্পাদিত কৰিছিল ১৯৮৫ চনৰ ১৫ আগষ্টত । এতিয়া যিহেতু সমগ্ৰ বিষয়টো ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে বিচাৰ কৰি চূড়ান্ত ৰায়দান কৰিব সেয়ে আছু, অগপ আৰু অসম সাহিত্য সভাইও ছুপ্ৰিম কৰ্টত ১৯৫১ ভিত্তি বছৰৰ সপক্ষে শপতনামা দিয়া উচিত বুলি ৰহমান, নাথ, কলিতা আৰু মজুমদাৰে মুকলি আহ্বান জনায় ।  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনবোৰক খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ১৯৫১ ভিত্তি বছৰৰ সপক্ষে নিজৰ স্থিতি মুকলিকৈ ৰাজহুৱা ভাবে ঘোষণা কৰিবলৈ মহাসংঘই আহ্বান জনাইছে । দেশৰ সংবিধান উলংঘা কৰি বিদেশীক ৰক্ষণাবেক্ষণ দি থকা দল-সংগঠনবোৰৰ বিৰুদ্ধে আইনগত ব্যবস্থা ল’বলৈও মহাসংঘই চৰকাৰক আহ্বান জনাইছে ।
অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ লগতে সকলো দল-সংগঠনক আৰু এটা কথা হৃদয়ঙ্গম কৰি উপলব্ধি কৰিবলৈ আহ্বান জনায় গোচৰীয়া সকলে কয় যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বৃটিছ আৰু ব্ৰহ্মদেশৰ মাজত সম্পাদিত হোৱা ‘ইয়াণ্ডাবু সন্ধি’ৰ পিছত বৃটিছে অবৈধ ভাবে অসম দখল কৰি উপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰিছিল । বৃটিছ চৰকাৰৰ কাম-কাজ চলাবলৈ কেৰাণী-মহৰী, ব্যৱসায়ী, খেতিয়ক, বনুৱা আদিক বিভিন্ন বিদেশী এলেকাৰ পৰা অসমলৈ আনিছিল । তেতিয়াৰ সেই ৩০/৪০ লাখ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বংশবৃদ্ধি হৈ আজি কমেও ১.৫০ কোটি হ’ল । বৃটিছে অসমলৈ অনা এই বিভিন্ন সম্প্ৰদায়ৰ লোক সকলক খিলঞ্জীয়াৰ পূৰ্বপুৰুষসকলে মহান উদাৰতা আৰু মানৱতাৰে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ সময়তে ভাৰতীয় নাগৰিক ৰূপে আদৰি ললে । এই বিভিন্ন সম্প্ৰদায়ৰ ভাৰতীয় লোক সকলেই অসমৰ বিধায়ক-মন্ত্ৰী আৰু ভাৰতৰ সাংসদ-মন্ত্ৰীও হৈছে । যাৰ ফলত হাজাৰ বছৰীয়া খিলঞ্জীয়া শাসক জনগোষ্ঠীবোৰ বিধায়ক-মন্ত্ৰী দূৰৰ কথা শাসন ক্ষমতাৰ পৰাই বঞ্চিত হৈছে । তথাপিও খিলঞ্জীয়া সকলে সহ্য কৰিছে আৰু মানি লৈছে । মহান মানৱতাৰ এই উদাহৰণ ভাৰতৰ আন ৰাজ্যত তথা পৃথিৱীৰ ক’তো পাবলৈ নাই । পৃথিৱী ধ্বংস নোহোৱালৈকে এই মানৱতাৰ স্বাক্ষৰ জিলিকি থাকিব । সেয়ে ১৯৫১ৰ পিছত অসমে এজনো বিদেশী ৰাখিব নোৱাৰে, অসম্ভৱ । ১৮২৬ ৰ পৰা ১৯৫১ ভিতৰত অসমলৈ অহা তাহানিৰ বিদেশী আৰু বৰ্তমান ভাৰতীয় নাগৰিকসকলৰো অসমৰ প্ৰতি এৰাব নোৱাৰা দায়িত্ব আৰু কৰ্তব্য আছে । সেয়ে এই ভাৰতীয় সকলেও অবৈধ বিদেশীৰ বিৰুদ্ধে থিয় দি সংবিধান সন্মত ১৯৫১ৰ পক্ষত থকা বুলি ৰাজহুৱাকৈ ঘোষণা কৰা উচিত আৰু তাৰ দ্বাৰা অসমৰ প্ৰতি থকা দায়বদ্ধতা আৰু কৰ্তব্য সাব্যস্ত কৰা উচিত বুলিও মতিউৰ ৰহমান, দীপক কুমাৰ নাথ, বিশ্বৰঞ্জন কলিতা আৰু প্ৰণৱ কুমাৰ মজুমদাৰে কয় ।
অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহক উদ্দেশ্যী কয় যে সত্য আৰু ন্যায়ৰ পক্ষত থিয় হৈ ভৱিষ্যত বংশধৰ সকলৰ সুৰক্ষাৰ স্বাৰ্থত অতি শীঘ্ৰে নিজৰ নিজৰ অঞ্চলত ৰাজহুৱা সভাত মিলিত হৈ সংবিধান সন্মত ভাৰতীয় নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ আৰু আন্তঃৰাষ্ট্ৰীয় নীতি মতে খিলঞ্জীয়া ভিত্তি বছৰ ১৮২৬ ৰ পক্ষত থিয় দি অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিতসকলৰ চৰম ত্যাগ আৰু বলিদানৰ প্ৰতি যথাযোগ্য সন্মান প্ৰদৰ্শন কৰিবলৈ আকুল আহ্বান জনায় গোচৰীয়া সকলে ।

Leave A Reply