যোৰহাটত নাহৰফুটুকীৰ আক্ৰমনত আহত কেইবাজনো লোক

0

যোৰহাটৰ বৰ্ষা বন গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত (Jorhat Rain Forest Research Institute) নাহৰফুটুকীৰ আক্ৰমন । আক্ৰমনত আহত ৫ জনকৈ লোক । ২৬ ডিচেম্বৰ সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ঘটনা । সঠিক সময়তে উপস্থিত হৈছিল বন বিভাগৰ লোক । ঘটনাত আহত হৈছে বন বিভাগৰ লোকৰ সৈতে মুঠ ৫ জনকৈ লোক । গুৰুতৰভাবে আহত লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰতিষ্ঠানৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ কুমাৰ কলিতাই জানিবলৈ দিয়ে ।

উল্লেখযোগ্য় যে, বিগত দিনসমুহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে নাহৰফুটুকীৰ আক্ৰমনৰ ঘটনা । এদিন পূৰ্বে গুৱাহাটী মহানগৰীতো নাহৰফুটুকীৰ আক্ৰমনত আহত হৈছে এজন লোক ।

Leave A Reply