সপ্তম অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা উদ্বোধন

0

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৃষি বিভাগক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত গাঁওসভা অনুষ্ঠিতকৰণৰ জৰিয়তে গ্রামাঞ্চলৰ কৃষকসকলৰ সৈতে মত-বিনিময় কৰি ৰাজ্য চৰকাৰে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডৰ বিকাশৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু নীতি সম্পৰ্কত সজাগতা সৃষ্টি কৰিবলৈ কয়। ১৭ ডিচেম্বৰত খানাপাৰাত সপ্তম অসম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্রগতিশীল আৰু সম্ভাবনাপূর্ণ কৃষকৰ সৈতে জ্ঞান বিনিময়ৰ মঞ্চ হিচাপে ইয়াক ব্যৱহাৰ কৰিব লাগিব। তেওঁ কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ বিকাশৰ বাবে কেইবাখনো আঁচনি গ্ৰহণ কৰিছে। তদুপৰি, কৃষি আৰু উদ্যান শস্য খণ্ডৰ বিকাশ সাধনৰ লক্ষ্যৰে কেইবাটাও উদ্ভাবনীমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু এই খণ্ডৰ বাবে প্ৰণয়ন কৰা এনে উন্নয়নৰ পদক্ষেপ বহু কৃষকে ভালদৰে জ্ঞাত নহয়। গাঁও পৰ্যায়ত এনেধৰণৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিলে কৃষিৰ ক্ষেত্ৰত গ্ৰহণ কৰা উদ্ভাবনীমূলক ব্যৱস্থাৰাজি আৰু কৃষকৰ মাজত ব্যৱধান হ্ৰাস পাব বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ ৰাজ্যখনে প্রাকৃতিক কৃষিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যৰ কৃষিত ৰাসায়নিক পদার্থৰ কম ব্যৱহাৰে প্রাকৃতিক কৃষিৰ বিকাশত প্ৰভাৱ পেলাব বুলিও তেওঁ কয়। এই কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক চাৰি বছৰত প্ৰাকৃতিক কৃষিৰ অধীনত বিশ হাজাৰ হেক্টৰ ভূমি সামৰি ১৫ খন জিলা আৰু ১৫০ টা ক্লাষ্টাৰ লোৱাৰ প্ৰস্তাৱ কৰা হৈছে। প্ৰাকৃতিক কৃষিৰ প্ৰসাৰ আৰু বৃদ্ধিৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ্চ হিচাপে গঢ়ি তুলিবলগীয়া প্ৰগতিশীল কৃষকৰ লগতে ৫ খন জিলাত ক্লাষ্টাৰ চিনাক্তকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে বুলিও তেওঁ কয়।

Leave A Reply