অসমত ফাৰ্মাচীৰ নিয়ম উলংঘন Violation of pharmacy rules in Assam

0

ফাৰ্মাচিষ্ট অবিহনে ঔষধ বিক্ৰী কৰে একাংশই

বহুতো ফাৰ্মাচিয়ে অসমত নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । (Violation of pharmacy rules in Assam) কিছুমানে গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা অমান্য কৰি এই ব্যৱসায় চলাইছে। ফাৰ্মাচীষ্টৰ তত্বাৱধানত ফাৰ্মাচী এখন চলাই ৰখাটো প্ৰয়োজনীয়। কিন্তু কিছুমান ফাৰ্মাচী ফাৰ্মাচীষ্ট অবিহনে চলে। বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষই পৰিদৰ্শন কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লয়। অসম চৰকাৰৰ এটা সূত্ৰই জনোৱা মতে ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰলৈকে বিভিন্ন নিয়ম উলংঘা কৰাৰ বাবে ২৫৪ খন ফাৰ্মাচী অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল। একে সময়তে ৩৫৮ খন ফাৰ্মাচী নিলম্বিত কৰা হৈছিল আৰু ৬০৩ খন ফাৰ্মাচীক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল।
এগৰাকী বিষয়াই সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত আমাক জনায় যে, কিছুমান ফাৰ্মাচীষ্ট ফাৰ্মাচীলৈ নাহে, কিন্তু তেওঁলোকৰ এপইণ্টমেণ্ট আছে, তেওঁলোকে দৰমহা লয়, যদি নথিখনত তেওঁলোকৰ নাম শুদ্ধ হয় তেন্তে মিছা ক’লেও বিচাৰি পোৱাটো কঠিন। তেওঁলোকে কেতিয়াবা মিছা কয় যে তেওঁলোক ছুটিত আছে, কিছু সময়ৰ বাবে বাহিৰলৈ গৈছিল, দুপৰীয়াৰ আহাৰ খাবলৈ গৈছিল ইত্যাদি, গতিকে এই ক্ষেত্ৰত চিনাক্ত কৰা টো অতি কঠিন বুলিও বিষয়াগৰাকীয়ে জনায়।
ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক হৃদয়ানন্দ মহন্তই কয় যে সকলো ড্ৰাগ পৰিদৰ্শকে এই উলংঘনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁ লগতে কয় যে শেহতীয়াকৈ অসম চৰকাৰে প্ৰতিখন জিলাৰ বাবে এজন ড্ৰাগ ইন্সপেক্টৰ নিযুক্ত কৰিছে । তেওঁ লগতে কয়, “সাধাৰণ মানুহে নিকটতম চিকিৎসা বিষয়াৰ জৰিয়তে তেওঁলোকৰ অভিযোগ দাখিল কৰিব পাৰে, যদি মানুহে তেওঁলোকৰ এলেকাত কোনো ফাৰ্মাচীয়ে ভুল কৰা কিবা দেখে, তেওঁলোকে অভিযোগ কৰিব পাৰে।”
কেছ মেমো অবিহনে ঔষধ বিক্ৰীও এক উলংঘন। গ্ৰাহকসকলে কেছ মেমো বিচাৰিব লাগে, ম্যাদ উকলি যোৱাৰ দিন নিৰীক্ষণ কৰিব লাগে। সন্দেহজনক ঘটনাৰ বাবে মানুহে নিকটতম চিকিৎসা বিষয়াৰ ওচৰত অভিযোগ কৰিব পাৰে।

Leave A Reply