Website Design: dastechnologies
গুৱাহাটী : অসম ভিত্তিক অট’মবাইল নির্মাতা কোম্পানী কুমাৰ ইঞ্জিনিয়াৰিঙে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অত্যাধুনিক আৰু উদ্ভাৱনী মূলক মিনি ট্ৰেক্টৰ ” কুমাৰ -১৩” মুকলি কৰিছে । এই ট্ৰেক্টৰ একক চিলিণ্ডাৰ আৰু ডিজেল চালিত ১৩ এইচ পি পাৱাৰ হৰাইজজেণ্টেল ৮৮৮ ডি ছিৰিজ ইঞ্জিনৰ। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰস্থিত কোম্পানীৰ উৎপাদনথলীত এই নতুন ট্ৰেক্টৰ মুকলি কৰে অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক, সাহিত্যিক পাৰ্থ সাৰথি মহন্তই । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত পাৰ্থ সাৰথি মহন্তই কয় – আমি সকলোৱে জনা মতে মিনি ট্রেক্টৰ হৈছে কৃষকৰ বাবে আটাইতকৈ সুলভ মূল্যৰ ট্ৰেক্টৰ , যাৰ দ্বাৰা কম মাটিত নিজৰ সুবিধা মতে চহ কৰি বতৰৰ সকলো ঋতুতে খেতি কৰিব পৰা যাব।অনুষ্ঠানত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱে কয় অসমত এই ট্রেক্টৰৰ দাম হ’ব ২,২৫,৮৮৮ টকা মাত্ৰ আৰু কোম্পানীয়ে বিশ্বমানৰ এই “ট্রেক্টৰ কুমাৰ-১৩”ৰ বাবে এক বছৰৰ ৱাৰেণ্টি দিব ।