True and Honest

বিটিআৰত নতুন গাঁও অন্তৰ্ভুক্তি একপক্ষীয় হোৱাৰ অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ

0 84

পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ

গুৱাহাটী, ৩০ জানুৱাৰী: বিটিআৰত নতুনকৈ ৬০ খনকৈ বড়ো বসতি প্ৰধান গাঁও অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ সন্দৰ্ভত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল।

দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বিজেপি চৰকাৰে একপক্ষীয় নীতিৰে এই ঘোষণা কৰা বুলি অভিযোগ কৰে। শৰ্মাই কয়,’মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত ৬০ খনকৈ নতুন গাঁও অন্তৰ্ভুক্ত কৰিব বুলি কৰা মন্তব্যৰ ক্ষেত্ৰত আমাৰ ক’বলগীয়া আছে। সীমামূৰীয়া গাঁও কৰ্তন আৰু অন্তৰ্ভুক্ত কৰাৰ সমীক্ষা চলোৱাৰ বাবে বিজেপি চৰকাৰে এ কে ভূটানীৰ নেতৃত্বত এক পাঁচজনীয়া আয়োগ গঠন কৰি দিছিল। কিন্তু সেই সমিতিৰ প্ৰতিবেদন প্ৰকাশ নোপোৱাকৈ হঠাতে লোৱা এই সিদ্ধান্ত মানি ল’ব নোৱাৰি। বিটিআৰ চুক্তিৰ ৩ নং দফাৰ ২ নং অনুচ্ছেদৰ চৰ্ত অনুসৰি সীমামূৰীয়া গাঁও কৰ্তন আৰু অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। এতিয়া ড° হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয়ভাৱে গাৰ জোৰেৰে‌ নতুন গাঁও কেৱল অন্তৰ্ভুক্ত কৰাৰ কথা ক’লে কেনেকৈ হ’ব? আমি এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে নীতিগতভাৱেহে পদক্ষেপ ল’বলৈ আহ্বান জনাইছো।

আনহাতে এপিডিচিএলে পুনৰ ৫০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে চলোৱা কুচকাৱাজৰ বিৰুদ্ধে সংবাদমেলত তীব্ৰ বিৰোধিতা কৰে দিলীপ কুমাৰ শৰ্মাই। মূল্যবৃদ্ধিৰ হাৰাশাস্তিত বিপৰ্য্যস্ত জনতাক মাধমাৰ শোধাবলৈ পুনৰ মূল্যবৃদ্ধি কোনো কাৰণতে মানি নলও। যদি এই বৃদ্ধিৰ সিদ্ধান্ত বাতিল নকৰে, তেন্তে অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে।

Leave A Reply