Website Design: dastechnologies
গুৱাহাটী, ৩০ জানুৱাৰী : ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বগুৰুৰ আসনৰ দিশে আগবাঢ়িছে। নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই ভাৰতে জি-২০ ৰ অধ্যক্ষতা লাভ কৰিছে’- দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি দলৰ মুখপাত্রদ্বয় মনোজ বৰুৱা আৰু পংকজ বৰবৰাই এনেদৰে মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ নেতাদ্বয়ে কয়, বিশ্বৰ ৭৫ শতাংশ বাণিজ্য, অর্থনীতিক প্ৰতিনিধিত্ব কৰা জি-২০ ৰ অধ্যক্ষতা লাভ কৰাটো ভাৰতবৰ্ষৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বিষয়। জি-২০ সন্মিলনত ৩২ টা বিষয়ত ২০০ খন বৈঠক অনুষ্ঠিত হ’ব।
এই বৈঠকে অর্থনৈতিক, কূটনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক আদি সকলো দিশতে ভাৰতবৰ্ষক উপকৃত কৰিব। ইয়াৰ দ্বাৰা ভাৰতবৰ্ষই বিশ্বৰ প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে দেশৰ যুৱ প্ৰজন্ম বিশেষভাৱে উপকৃত হ’ব। ভাৰতবৰ্ষই জি-২০ ৰ অধ্যক্ষৰ সুবিধা লাভ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যিক বিজেপিয়ে ধন্যবাদ তথা আন্তৰিক কৃতজ্ঞতা প্ৰদান কৰিছে। দলৰ নেতাদ্বয়ৰ মতে, আজিৰ তাৰিখত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ লগতে, ছাংহাই ক’পৰেশ্যেন অর্গেনাইজেশোন অধ্যক্ষ আৰু শেহতীয়াকৈ জি-২০ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছে।
সমাগত জি-২০ সন্মিলনৰ সফল আয়োজনৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাঁজু। এইক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে অসম চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ ৰাজ্যৰ জনসাধাৰণৰ লগতে সংবাদ মাধ্যমক আহ্বান জনায়।
সংবাদ মেলত উপস্থিত থাকি ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্রুবজ্যোতি মৰলে কয়, অসমত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ প্ৰস্তুতিৰ হেতু অসম চৰকাৰৰ সহযোগিতা আগবঢ়াবৰ বাবে ৰাজ্যিক বিজেপিয়ে দলৰ বিষয়ববীয়া তথা সাংসদ, মুখপাত্র সকলক সাঙুৰি তিনিখনকৈ সমিতি গঠন কৰিছে।