True and Honest

১৫ ফেব্ৰুৱাৰীৰ পৰা কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা; ডিব্ৰুগড়ত ট্ৰফী উন্মোচন

0 73

ডিব্ৰুগড়, ১ ফেব্ৰুৱাৰী, ২০২৩: অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান আৰু অসম ৰাজ্য চৰকাৰৰ সহযোগত তথা স্পিয়াৰ কৰ্পছৰ তত্বাৱধানত ৰেড শ্বিল্ড ডিভিজনৰ লাইপুলি ব্ৰিগেডে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অষ্টাদশ সংখ্যক কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰে। লাইপুলি ব্ৰিগেডৰ কমাণ্ডাৰ, বাৰ টু সেনা মেডেল, ব্ৰিগেডিয়াৰ কে এছ গিল, বাণিজ্য, উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰাই যুটীয়াভাৱে অনুষ্ঠানটো সম্পাদন কৰে।

১৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া আৰু ডিগবৈত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ২৪ টা দলে অংশগ্ৰহণ কৰিব। ১৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে দুলীয়াজানৰ নেহৰু ময়দানত প্ৰতিযোগিতাৰ বিশাল উদ্বোধনী অনুষ্ঠান অনুস্থিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

এই অনুষ্ঠানত প্ৰযোজক, সংবাদ মাধ্যম, অসমৰ ইনফ্লুৱেঞ্চাৰ/ ব্লগাৰ, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ নিৰ্বাচিত অতিথিকে ধৰি ৪০০ৰো অধিক সন্মানীয় অতিথিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিজয়ী ট্ৰফী, ৰানাৰ্ছ আপ ট্ৰফী আৰু ৰলিং ট্ৰফী উন্মোচন কৰা হয়। এই অনুষ্ঠানতে টুৰ্ণামেণ্টৰ থিম ছং “জীত লো” মুকলি কৰা হয়।

Leave A Reply