বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত অসম তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

0

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনৰ সন্মুখত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৪ ফেব্ৰুৱাৰীত তৃণমূল কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰে। সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত দলটোৰ নেতা-কৰ্মীসকলে বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদত মিলিত হৈ বিজেপি চৰকাৰৰ জনবিৰোধী পদক্ষেপক কঠোৰ সমালোচনা কৰে।

প্ৰতিবাদকাৰীসকলে বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক, জনবিৰোধী সিদ্ধান্ত বাতিল কৰক, জনসাধাৰণক মাধমাৰ দিয়া নচলিব, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় , বিদ্যুৎ বিভাগ হায় হায়, অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ আদি শ্ল’গান দি বিজুলী ভৱনৰ সন্মুখ কঁপাই তোলে।

আনহাতে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বলপূৰ্বক আটক কৰি লৈ যোৱা কাৰ্যক গৰিহণা দিয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। কাৰ্যসূচীত অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সতীৰ্থসকলে অংশগ্ৰহণ কৰে।

Leave A Reply