True and Honest

বাল্য বিবাহ বিৰোধী অভিযানৰ মাজতে মানকাচাৰত মহিলাৰ আত্মহত্যা

0 80

ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে মানকাচৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ।নিশা চিপ লৈ আত্মহত্যা এগৰাকী বিধৱা মহিলা ।

সমগ্ৰ ৰাজ্যত অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে মানকাচৰৰ ঝাউডাংগা গাওঁ পঞ্চায়তৰ ঝাউডাংগা পূৱেৰ গাওঁৰ খালেদুৰ ৰছিদৰ মহিলা এগৰাকীয়ে ৩ ফেব্ৰুৱাৰীৰ নিশা আত্মহত্যা কৰে।

২০১২ চনত মহিলাগৰাকী জোৰডাংগা গাৱৰ এগৰাকী লোকৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

কভিডৰ সময়ত মৃত্যু হৈছিল পতিৰ ।

অসম আৰক্ষীৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ খবৰ পাই নিজৰ পিতৃ মাতৃক আৰক্ষীয়ে আটক কৰাৰ ভয়ত নিজেই নিশা চিপ লৈ আত্মহত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে।

আৰক্ষীয়ে জনোৱা মতে তেওলোকৰ বিৰুদ্ধে কোনো গোচৰেই ৰুজু হোৱা নাছিল।

Leave A Reply