গুৱাহাটীত খেদি খেদি আক্ৰমণৰ চেষ্টা বন্যহস্তীৰ

0

গুৱাহাটী মহানগৰীত পুনৰ বন্য হস্তীৰ আতংক । সাতগাঁও থানাৰ অন্তৰ্গত আমছিং যোৰাবাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণ । নাৰেংগীৰ পৰা আমছিং যোৰাবাটলৈ যোৱা এখন গাড়ীখনক খেদি খেদি আক্ৰমণ চেষ্টা বন্য হস্তীৰ । তীব্ৰ বেগেৰে গাড়ী চলাই প্ৰাণ ৰক্ষা গাড়ীখনৰ পৰিয়ালটোৰ।
অৱশ্যে গাড়ীখনৰ বাওঁ ফালৰ দুৱাৰখনৰ বিস্তৰ ক্ষতি সাধন কৰে বন্য হাতীটোৱে।
উলেক্ষ্য যে, উক্ত গাড়ীখনত গুৱাহাটীৰ এটা পৰিয়াল অমিছিং যোৰাবাটলৈ ফুৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছে।
১৩ জানুৱাৰীৰ এই সমগ্ৰ দৃশ্য এগৰাকী লোকৰ কেমেৰাত বন্দী হয়। আনহাতে, উক্ত দিনটোতে হাতীটোৱে এখন ৰৈ থকা বাহনৰ বিস্তৰ ক্ষতি সাধন কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

Leave A Reply