ৰাজ্যত অত্যাধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি বিজুলী ভৱনৰ সন্মুখত আম আদমি পাৰ্টীৰ উত্তাল প্ৰতিবাদ

0

ৰাজ্যত অভাৱণীয় হাৰত বৃদ্ধি পোৱা বিদ্যুৎ মাছুল নিয়ন্ত্ৰণৰ দাবীত আৰু স্মার্ট মিটাৰৰ নামত হোৱা কেলেংকাৰিৰ তদন্তৰ দাবীত ১২ জানুৱাৰীত আম আদমি পার্টীয়ে গুৱাহাটীত পল্টনবজাৰস্থিত বিজুলী ভৱনৰ চৌহদৰ সন্মুখত ধর্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীয়ে হিমন্তবিশ্ব শৰ্মা মুদাবাদ, বিদ্যুৎ মাচুল হ্ৰাস কৰক, শক্তি বিভাগ মুর্দাবাদ, শক্তি মন্ত্রী নন্দিতা গালোচা মুৰ্দাবাদ, স্মার্ট মিটাৰৰ কেলেংকাৰিৰ তদন্ত কৰক আদি শ্লোগানেৰে বিজুলী ভৱন চৌহদ উত্তাল কৰি তোলে। প্রতিবাদী কাৰ্যসূচীত উপস্থিত থাকি আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে জনতাক কৰৰ বোজা জাপি দি চৰকাৰ চলাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে।  সাধাৰণ জনতাৰ পৰা কৰ লৈ, গোপনে মূল্যবৃদ্ধি কৰি চৰকাৰ চলাব নেকি বুলি কটাক্ষ কৰে আপৰ নেতা জিতুল ডেকাই। আপ চৰকাৰে ২০০ ইউনিটলৈ আৰু পঞ্জাৱ চৰকাৰে ৩০০ ইউনিট পর্যন্ত বিদ্যুৎ মাছুল ৰেহাই দিছে।  তিলমানো বিদ্যুৎ উৎপাদন নকৰা দিল্লীয়ে যদি জনতাক বিজুলী মাছুল ৰেহাই দিব পাৰে, অসমে কিয় নোৱাৰিব বুলি আম আদমি পাৰ্টীয়ে চৰকাৰক প্ৰশ্ন কৰে।প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰি চচললৈ লৈ যায় আৰু সন্ধিয়া পৰ্য্যন্ত আৱদ্ধ কৰি ৰাখে বুলি জানিব পৰা গৈছে

Leave A Reply