মাধ্যম সলনিৰ সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ অসম তৃণমূল কংগ্ৰেছৰ

0


গুৱাহাটী, ২ছেপ্টেম্বৰঃ দশম শ্ৰেণীলৈ দুটাকৈ বিষয়ৰ শিক্ষা গ্ৰহণ ইংৰাজী মাধ্যমত ব্যাধতামূলক কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ লগতে যুৱ তৃণমূল কংগ্ৰেছে একাধিক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিত ৰিপুণ বৰাই কয় যে- বিজেপি চৰকাৰে বিদ্যালয় বন্ধ, মাধ্যম সলনি আদি কাৰ্যৰে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ ফন্দি পাতিছে৷ ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিচৰে পৰা অসমীয়া ভাষাক সংকটৰ মুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে৷ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত বহিঃৰাজ্যৰ হিন্দীভাষী শিক্ষকক নিযুক্তি দিয়া কাৰ্যও সংঘটিত হৈছে এই চৰকাৰৰ দিনতেই৷ এতিয়া তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিত বিষয় দুটাৰ শিক্ষা গ্ৰহণ ইংৰাজী মাধ্যমত বাধ্যতামূলক কৰি একপ্ৰকাৰে অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দি ক্ষমতাত অহা বিজেপি চৰকাৰ খনেই এতিয়া ভাষা নিঃশেষ অভিযানত নামি পৰিছে৷ সম্প্ৰতি অসমীয়া ভাষাৰ প্ৰধান শত্ৰু কোনোবা আছে যদি সেয়া হৈছে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ইয়াক আমি ৰোধিব লাগিব৷ অসম তৃণমূল কংগ্ৰেছে হিমন্ত বিশ্ব চৰকাৰৰ অসমীয়া ভাষা বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম চলাই যাব আৰু মাধ্যম সলনি কৰাৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ধাৰবাহিক আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ৰিপুন বৰাই।

Leave A Reply