True and Honest

শিক্ষকৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ

0 128

বিশ্বনাথৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।
অভিযোগ অনুসৰি কিছুদিন পূৰ্বে বিদ্যালয় বন্ধ থকা সময়ত বিদ্যালয়ৰ সমীপৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক পৰীক্ষা বহি দেখুৱাম বুলি প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ কাৰ্যালয়ত মাতি আনে। কিন্তু ছাত্ৰী গৰাকীয়ে লগত দুই বান্ধৱীক লৈ বিদ্যালয়ত যোৱাৰ বাবে প্ৰধান শিক্ষকে প্ৰথম বাৰ উভতাই পঠিয়াই তিনি গৰাকী ছাত্ৰীক। তাৰ পিছত পুনৰ প্ৰধান শিক্ষক গৰাকীয়ে নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীক ঘৰলৈ গৈ তোমাক অকলে মাতিছিলো তুমি কিয় লগত আন ছাত্ৰীক লগত লৈ গৈছিলা বুলি কৈ পুনৰ বিদ্যালয়ত মাতে ছাত্ৰী গৰাকীক। তাৰ কিছু সময়ৰ পিছতে কাৰ্যালয়তে প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰী গৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
ভুক্তভোগী ছাত্ৰী তথা অভিভাৱকে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে প্ৰধান শিক্ষকক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও প্ৰধান শিক্ষক গৰাকী আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে।

Leave A Reply