True and Honest

ভঙাগড় ফ্লাইঅভাৰত ডাম্পাৰৰ খুন্দাত বাইক আৰোহী নিহত

0 272

গুৱাহাটীৰ ভঙাগড় ফ্লাই অভাৰত নিশা সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনা। দূৰ্ঘটনাত নিহত হয় মটৰ চাইকেল আৰোহী। দিছপুৰ দিশৰ পৰা উলুবাৰী দিশলৈ গৈ থকা অৱস্থাত ডাম্পাৰে মটৰ চাইকেলত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দূৰ্ঘটনা।

ভঙাগড় আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি দেওবাৰে নিশা প্ৰায় ১০. ৩০ বজাত এই দূৰ্ঘটনা সংঘটিত হয়। নিহত মটৰ চাইকেল আৰোহীজনৰ ড্ৰাইভিং লাইচেন্স অনুসৰি তেওৰ ঠিকনা মাজুলি যদিও গুৱাহাটীৰ বশিষ্ঠত থাকে বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ। মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে আজি প্ৰেৰণ কৰা হৈছে।

ইফালে, দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ চালকক নিশাই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Leave A Reply