চুৰি হোৱা একে ৪৭ৰ গুলী উদ্ধাৰ

0

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা। উদ্ধাৰ কৰিলে চুৰি হোৱা একে৪৭ৰ ৯০জাঁই গুলী

আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা। অৱশেষত নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি হোৱা একে ৪৭ ৰাইফলৰ ৯০ জাঁই সজীৱ গুলী। যোৱা ৯জুলাইত নগাঁও আৰক্ষী ছাউনীৰ অন্তৰ্গত আৰক্ষীৰ চৰকাৰী আৱাসগৃহত থকা অৰুণ জ্যোতি শইকীয়া নামৰ এজন কণিষ্টবলৰ পৰা চুৰি হৈছিল গুলী সমূহ। চোৰে অৰুণ শইকীয়াৰ ঘৰত প্ৰৱেশ কৰি নগদ ধন আৰু সোণৰ গহনাৰ লগতে ৯০ জাই গুলী চুৰি কৰিছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই নিলম্বন কৰিছিল অৰুণ শইকীয়া নামৰ কণিষ্টবল গৰাকীক। এই ঘটনাৰ পিছতে নগাঁও আৰক্ষীয়ে গভাইত চোৰটোক বিচাৰি অভিযান তীব্ৰতৰ কৰিছিল। আজি নিশা প্ৰায় ৯বজাত নগাঁও আৰক্ষীৰ এটা দলে ফৌজদাৰীপট্টিত অভিযান চলাই ফিৰোজ খান নামৰ এটা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে চুৰি হোৱা ৯০জাই গুলী। আৰক্ষীয়ে ফিৰোজ খানৰ জিম্মাৰ পৰা উদ্ধাৰ কৰিছে মন্দিৰৰ পৰা চুৰি হোৱা ভগৱান শ্ৰীকৃষ্ণৰ এটি মূৰ্ত্তিও। ইপিনে নিশাই নগাঁও সদৰ থানাত উপস্থিত হৈ ফিৰোজ খানক জেৰা কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে।

Leave A Reply