তিনিচুকীয়াৰ কাকপথাৰৰ দ’ পথাৰত সেনা-আৰক্ষী আৰু আলফা(স্বা:)ৰ মাজত গুলিয়াগুলি

0

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ’ পথাৰত শুকুৰবাৰে দিনৰ প্ৰায় এক বজাত সেনা-আৰক্ষীৰ আৰু আলফা(স্বা:)ৰ সদস্যৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় । আলফা (স্বা:)ৰ ৬ জনীয়া সদস্যৰ দলটোৱে কাকপথাৰ দ’ গাঁৱৰ এজন লোকৰ ঘৰত পুৱা প্ৰায় ৪/৫ বজাত আহি আশ্ৰয় লৈ আছিল । আলফা (স্বা:)ৰ দুৰ্ধৰ্ষ সদস্য ৰূপম অসমৰ নেতৃত্বত অহা দলটোত উদয় অসম, ৰিকু অসম, জ্ঞান অসম আৰু মৃগাংগ অসম আছিল বুলি জানিব পৰা গৈছে । গোপন সুত্ৰৰ খবৰৰ ভিত্তিত সেনা-আৰক্ষীয়ে ঘৰটোত অভিযান চলোৱাৰ সময়তেই আলফা (স্বা:)ৰ সদস্যৰ দলটোৱে সেনা-আৰক্ষীলৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰাৰ লগতে গ্ৰেণেড দলিয়াই । ইয়াৰে জ্ঞান অসম নামৰ এজন আলফা সদস্য আৰক্ষীৰ গুলীত নিহত হোৱাৰ লগতে ৫ সদস্য পলায়ন কৰিবলৈ সক্ষম হয় । বৰ্তমানেও সেনা আৰক্ষীয়ে আলফা (স্বা:)ৰ পলায়ন কৰা সদস্যৰ দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । সংঘৰ্ষত সেনা-আৰক্ষীৰ কোনো লোক আহত হোৱা নাই যদিও আলফা(স্বা)ৰ আন দুই/তিনি সদস্য আহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে, আলফা(স্বা)ৰ দলটোৱে আশ্ৰয় লোৱা বাসগৃহটোত আৰক্ষী আৰু সেনা বাহিনীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে আলফা(স্বা:)ৰ দলটোৱে এৰি যোৱা সামগ্ৰীসমূহৰ নিৰিক্ষণ অব্যাহত ৰাখিছে ৷ ঘৰটোত আলফা সদস্যই এৰি থৈ যোৱা কেইবাটাও গ্ৰেণেড IED সেনা-আৰক্ষীয়ে উদ্ধাৰ কৰিছে ।

Leave A Reply