হাইলাকান্দিত উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ ৭টা কলা বান্দৰ

0

হাইলাকান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৭টা কৈ বিলুপ্ত প্ৰজাতিৰ কলা বান্দৰ বা Ape । সোমবাৰ নিশা আনুমানিক ৯ বজাত স্থানীয় জামিৰা আৰক্ষী চকিৰ নাকা চেকিংত এটা ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে বান্দৰ কেইটা । মিজোৰামৰ পৰা অহা এটা ট্ৰাকৰ ভিতৰত চাৰিটা বাকচৰ ভিতৰত লুকুৱাই সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বান্দৰ কেইটাক । পিছত পশু চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত বন বিভাগক হস্তান্তৰ কৰা হয় বান্দৰ কেইটাক । লগতে ট্ৰাকৰ চালক আৰু তেওঁৰ লগতে থকা আন এগৰাকী ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমানে এই দুজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আন্তৰ্জাতিক চোৰাং বজাৰত এই বিলুপ্ত প্ৰজাতিৰ বান্দৰৰ মূল্য কেইবা কোটি টকা হ’ব বুলি অনুমান কৰা গৈছে বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নবনীত মহন্তই । আনহাতে, উদ্ধাৰ হোৱা পশু কেইটাক গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply